ETV Bharat / bharat

Flood in Haryana : সাম্প্ৰতিক বানত হাৰিয়ানাত ১৬ জনৰ মৃত্যু; ৭৪৯ খন গাঁও ক্ষতিগ্ৰস্ত

author img

By

Published : Jul 13, 2023, 8:09 PM IST

হাৰিয়ানাত ধাৰাসাৰ বৰষুণৰ পিছত সৃষ্টি হোৱা বানপানীৰ ফলত জনজীৱন ব্যাহত হৈছে । ৰাজ্যখনত এতিয়ালৈকে ১৬ জন লোকৰ মৃত্যু হৈছে । আনহাতে, ৭৪৯ খন গাঁও বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ উপৰি ২.২৫ লাখ হেক্টৰ কৃষিভূমি পানীৰ তলত ।

Flood in Haryana
Flood in Haryana

নিউজ ডেস্ক, ১৩ জুলাই : উত্তৰ ভাৰতত এতিয়া বান পৰিস্থিতি । ধাৰাসাৰ বৰষুণৰ ফলত কেইবাখনো ৰাজ্য বানৰ কবলত পৰিছে । পাহাৰীয়া অঞ্চলবোৰত বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছত নদীবোৰে এতিয়া সমভূমিতো ধ্বংসলীলাৰ সৃষ্টি কৰিছে । হাৰিয়ানাত চলিত বাৰিষাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰি আছে । এতিয়ালৈকে ৰাজ্যখনত বৰষুণৰ বাবে হোৱা বান পৰিস্থিতিত ১৬ জন লোকৰ মৃত্যু হৈছে । উল্লেখ্য যে বিগত পাঁচ ঘণ্টাতে পাঁচজনকৈ লোকৰ মৃত্যু হৈছে ৰাজ্যখনত । আনহাতে, বানপানীৰ ফলত হাৰিয়ানাৰ বহু জিলাৰ পৰিস্থিতি শোচনীয় হৈ পৰিছে । বানপানীৰ ফলত পঞ্চকুলা, আম্বালা, কুৰুক্ষেত্ৰ, যমুনানগৰ, কৰ্ণাল, পানীপথ, ফতেহাবাদ আৰু সোনিপটৰ লগতে কাইথালৰ কেইবাখনো গাঁও ক্ষতিগ্ৰস্ত হৈছে ।

হাৰিয়ানাৰ বানত ক্ষতিৰ তালিকা
হাৰিয়ানাৰ বানত ক্ষতিৰ তালিকা

আনহাতে, হাৰিয়ানাত বানপানীৰ ফলত হোৱা মৃত্যুৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যখনৰ বিভিন্ন জিলাৰ ৭৪৯ খন গাঁও বানপানীৰ কবলত । এতিয়ালৈকে ২ লাখ ২২ হাজাৰ হেক্টৰ কৃষিভূমি বানপানীৰ ফলত প্ৰভাৱিত হৈছে । বানপানীয়ে প্ৰায় ২০৬ টা ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত কৰিছে । ইয়াৰ উপৰি ১৬৮ টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে । ৰাজ্যখনত বানৰ ফলত প্ৰায় ১৭৫ টা পশুধনৰ মৃত্যু হৈছে । ১৯ টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে ।

ইফালে পানী জমা হোৱাৰ ফলত ৰাস্তাবোৰো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে । লগতে বহু ঠাইত দলং আৰু গাৰ্ড ৱালবোৰো ক্ষতিগ্ৰস্ত হৈছে । পঞ্চকুলা, আম্বালা, কৰ্ণাল আৰু কাইথাল জিলাত এনডিআৰএফৰ দল মোতায়েন কৰা হৈছে । আনহাতে, আম্বালা আৰু পানীপথত সেনাৰ সহায় লোৱা হৈছে ।

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ আৰু উপ-মুখ্যমন্ত্ৰী দুষ্মন্ত চৌতালাই শেহতীয়া বান পৰিস্থিত পৰ্যবেক্ষণৰ বাবে এক বৈঠকত মিলিত হয় । হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে বুধবাৰে ধাৰাসাৰ বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ বুজ ল'বলৈ ৪-৫ খন জিলাৰ আকাশী জৰীপ চলায় । ইতিমধ্যে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে সোমবাৰে মৃতকৰ নিকটাত্মীয়ক ৪ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদানৰ কথা ঘোষণা কৰিছিল ।

আনহাতে, বতৰ বিজ্ঞান বিভাগৰ মতে, ১৫ জুলাইত হাৰিয়ানাত তীব্ৰ ধধুমুহাৰ সৈতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে । বিভাগটোৰ মতে, ১৫ জুলাইত ৰাজ্যখনৰ কেইবাখনো জিলাত বজ্ৰপাত হ'ব পাৰে । তাৰ উপৰি হাৰিয়ানাত ১৭, ১৮ আৰু ১৯ জুলাইত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :Flood in Delhi : বিপদসীমাৰ ওপৰেৰে বৈছে যমুনা, শংকিত দিল্লীবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.