ETV Bharat / bharat

গৰ্ভপাতৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন কিশোৰীৰ

author img

By

Published : Mar 2, 2021, 8:51 PM IST

হাৰিয়ানাৰ কৰ্ণাল জিলাৰ বাসিন্দা এগৰাকী নাবালিকাই গৰ্ভপাতৰ অনুমতি বিচাৰি উচ্চতম আদালতত আবেদন কৰে । আদালতে নাবালিকাৰ শাৰীৰিক আৰু মানসিক চিকিৎসা মূল্যায়নৰ পৰামৰ্শ ।

গৰ্ভপাতৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন কিশোৰীৰ
গৰ্ভপাতৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন কিশোৰীৰ

নিউজ ডেস্ক,২ মাৰ্চ: উচ্চতম ন্যায়ালয়ত বিশেষ আবেদন ১৪ বছৰ বয়সৰ ধৰ্ষণৰ ভুক্তভোগী এগৰাকী কিশোৰীৰ । কিশোৰীগৰাকীৰ গৰ্ভত থকা ২৬ সপ্তাহৰ ভ্ৰূণৰ গৰ্ভপাতৰ বাবে জনোৱা আবেদনৰ শুনানি আদালতে ৫ মাৰ্চলৈ স্থগিত কৰে ।

উল্লেখ্য যে হাৰিয়ানাৰ কৰ্ণাল জিলাৰ বাসিন্দা নাবালিকা গৰাকীয়ে তাইৰ ভ্ৰূণৰ গৰ্ভপাত কৰিবলৈ অনুমতি বিচাৰি উচ্চতম আদালতত আবেদন দাখিল কৰিছিল । কিন্তু আদালতে নাবালিকাগৰাকীৰ শাৰীৰিক আৰু মানসিক চিকিৎসা মূল্যায়নৰ বাবে প্ৰয়োজন থকাৰ কথা উল্লেখ কৰে । তথ্য অনুসৰি নাবালিকাগৰাকীক তাইৰ এগৰাকী আত্মীয়ই ধৰ্ষণ কৰাৰ ফলত তাই গৰ্ভৱতী হৈছিল । ধৰ্ষণ কাৰ্যৰ বিৰুদ্ধে ইতিমধ্যে এক এজাহাৰো দাখিল কৰা হৈছে ।

ইফালে গৰ্ভধাৰণৰ ২০ সপ্তাহৰ পিছত ভ্ৰূণৰ গৰ্ভপাত আইনমতে দণ্ডণীয় । যদিহে চিকিৎসকে আদালতত প্ৰমাণ কৰিব পাৰে যে গৰ্ভধাৰণ মাতৃ বা কেঁচুৱাৰ বাবে ভাবুকি কঢ়িয়াব পাৰে তেতিয়াহে তেনে মহিলাৰ ক্ষেত্ৰত গৰ্ভপাতৰ অনুমতি দিয়া হয় ।

লগতে পঢ়ক:কৰ্ণাটকত আৰম্ভ দেশৰ প্ৰথম অভিযান্ত্ৰিক গৱেষণা আৰু উন্নয়ন নীতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.