ETV Bharat / bharat

ইটাৰ ভাটাৰ পৰা উদ্ধাৰ ১২৭ জন শ্ৰমিক - ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ

উত্তৰ প্ৰদেশৰ বনচালী গাঁৱৰ এটা ইটা ভাটাৰ পৰা উদ্ধাৰ ১২৭ জন শ্ৰমিক । উদ্ধাৰ কৰা শ্ৰমিকসকলৰ ভিতৰত ৬৭ টা শিশুও আছিল । সম্প্ৰতি উদ্ধাৰ কৰা লোকসকলক বিহাৰৰ নৱাদাস্থিত ঘৰলৈ প্ৰেৰণ কৰা হৈছে ।

উত্তৰ প্ৰদেশত উদ্ধাৰ ১২৭ জন শ্ৰমিক
উত্তৰ প্ৰদেশত উদ্ধাৰ ১২৭ জন শ্ৰমিক
author img

By

Published : Apr 8, 2021, 11:53 AM IST

নেশ্যনেল ডেস্ক, ৮ এপ্ৰিল : উত্তৰ প্ৰদেশৰ বনচালী গাঁৱৰ এটা ইটা ভাটাৰ পৰা উদ্ধাৰ ১২৭ জন শ্ৰমিক । উদ্ধাৰ কৰা শ্ৰমিকসকলৰ ভিতৰত ৬৭ টা শিশুও আছিল । সম্প্ৰতি উদ্ধাৰ কৰা লোকসকলক বিহাৰৰ নৱাদালৈ প্ৰেৰণ কৰা হৈছে । ঘটনা অনুসৰি, বিগত মাহত এজন শ্ৰমিকে ইটা ভাটাটোৰ স্বত্বাধিকাৰীৰ আত্মীয়ই এগৰাকী নাবালিকাক যৌন নিৰ্যাতন কৰাৰ অভিযোগত এজাহাৰ দাখিল কৰিছিল । ঘটনা সন্দৰ্ভত অভিযুক্তজনক (২০) গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় । কিন্তু ইয়াৰ পাচতো শ্ৰমিকসকল মুঠেই সুৰক্ষিত নহয় বুলি দাবী কৰিছিল ।

ইয়াৰোপৰি, ভাটাৰ স্বত্বাধিকাৰীয়ে সময়মতে টকা পৰিশোধ নকৰে আৰু গালি-গালাজ কৰে বুলি শ্ৰমিকসকলে অভিযোগ কৰিছিল । স্বত্বাধিকাৰীৰ এনে কাণ্ডত শ্ৰমিকসকল অতিষ্ঠ হৈ পৰাত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছিল । উক্ত অভিযোগৰ ভিত্তিতেই মংগলবাৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ভাটাটোৰ পৰা ১২৭ জন শ্ৰমিকক উদ্ধাৰ কৰে ।

লগতে পঢ়ক: ৭০ টা ভোটকেন্দ্ৰত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী তিপ্ৰাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.