ETV Bharat / bharat

11 Fishermen missing in Gujarat : গুজৰাটত ১১ গৰাকী মাছমৰীয়া সন্ধানহীন

author img

By

Published : Dec 2, 2021, 12:01 PM IST

গুজৰাটৰ সাগৰত মাছ মাৰিবলৈ যোৱা ১৫ খনতকৈও অধিক নাও ডুবিল পানীত । এতিয়াও সন্ধান ওলোৱা নাই গিৰ সোমনাথ জিলাৰ ১১ গৰাকী মাছমৰীয়াৰ(11 Fishermen missing in Gujarat) । উদ্ধাৰ অভিযান অব্যাহত ।

11 fishermen missing after boat capsizes near Gir Somnath
গুজৰাটত নাও ডুবি যোৱাৰ ফলত ১১ জন মাছমৰীয়া সন্ধানহীন

নেশ্যনেল ডেস্ক, ২ ডিচেম্বৰ : সাগৰত মাছ ধৰিবলৈ গৈ সন্ধানহীন হ'ল গুজৰাটৰ ১১ গৰাকী মাছমৰীয়া(11 Fishermen missing in Gujarat) । গুজৰাটৰ গিৰ সোমনাথ জিলাত সাগৰত মাছ মাৰিবলৈ গৈছিল মাছমৰীয়াকেইজনে । কিন্তু ধাৰাবাহিকভাৱে হোৱা বৰষুণ আৰু তীব্ৰ বতাহৰ ফলত ১৫ খনতকৈও অধিক নাও পানীত ডুব যায়(Fishermens boat capsizes in Gujarat) । চাৰিজন মাছমৰীয়া ঘৰলৈ উভতি আহে যদিও ১১ গৰাকীৰ এইপৰ্যন্ত সন্ধান লাভ কৰা নাই ৷

বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান । আনহাতে, বৰষুণৰ পূৰ্বানুমান কৰি মাছমৰীয়াসকলক মাছ ধৰিবলৈ সাগৰলৈ নাযাবলৈ সতৰ্কতা জাৰি কৰা হৈছিল । বিগত দুই-তিনিদিন ধৰি গুজৰাটৰ উপকূলীয় অঞ্চলত বতাহৰ গতিবেগ বৃদ্ধি হোৱাৰ লগতে বৃষ্টিপাতো হৈছে ।

ইফালে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জাৰি কৰা আগজাননী অনুসৰি মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ উপকূলীয় অঞ্চলত পৰৱৰ্তী ২৪ ঘণ্টা পৰ্যন্ত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা অধিক ।

লগতে পঢ়ক: Cyclone storm in Maharashtra and Gujrat : গুজৰাট-মহাৰাষ্ট্ৰৰ উপকূলীয় অঞ্চল ঘূৰ্ণীয়ে প্ৰভাৱিত কৰাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.