নিউজ ডেস্ক, ২৬ জুন : মধ্যপ্ৰদেশৰ ভূপালৰ এগৰাকী বৃদ্ধাই তেওঁৰ ২৫ বিঘা মাটি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ হস্তান্তৰ কৰাৰ কথা ঘোষণা কৰিছে । ৰাজগড় জিলাৰ সদৰৰ পৰা ৬৫ কিলোমিটাৰ দূৰৈত অৱস্থিত হৰিপুৰা জাগিৰ গাঁৱৰ বাসিন্দা হৈছে ১০০ বছৰীয়া মাংগী বাই তানৱাৰ । মহিলাগৰাকীৰ এটা ভিডিঅ' শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছে ।
ভিডিঅ'টোত মহিলাগৰাকীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা কৰি কেইজনমান চুবুৰীয়াৰ সৈতে কথা পাতি থকা দেখা গৈছে । তেওঁ কৈছে যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ বাবে বহু কাম কৰি আছে । তেওঁৰ বাবেও বহু কাম কৰিছে । তেওঁ বৃদ্ধ লোকসকলৰ বাবে খাদ্য আৰু আৱাস প্ৰদান কৰিছে । উল্লেখ্য, মাংগী বাই ১৪ গৰাকী সন্তানৰ মাতৃ । তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ পুত্ৰ হিচাপে বিবেচনা কৰে । কিয়নো তেওঁ বৃদ্ধসকলৰ প্ৰতিটো প্ৰয়োজনীয়তাৰ সম্পূৰ্ণ যত্ন লৈছে । সেয়ে তেওঁৰ ভূমিখিনি মোদীক দান কৰিব বিচাৰে । সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত তেওঁ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰো ইচ্ছা প্ৰকাশ কৰে ।
মাংগী বায়ে কয় যে তেওঁ প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ পুত্ৰ হিচাপে গ্ৰহণ কৰিছে আৰু তেওঁৰ ১৫ একৰ মাটিৰ এটা অংশ মোদীলৈ হস্তান্তৰ কৰিব বিচাৰে । তেওঁ কয়, "মোদীয়ে মোক থাকিবলৈ এটা ঘৰ দিছে আৰু মোক চিকিৎসা কৰাইছে । মোৰ খাদ্যৰ বাবেও তেওঁ ধন দিছে । মোদীৰ বাবেই মই তীৰ্থযাত্ৰালৈ গৈছিলোঁ ।"
তেওঁৰ ১৪ গৰাকী সন্তান আছে যদিও তেওঁ প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ সন্তান হিচাপে গণ্য কৰিছে । সেয়ে তেওঁক এই ভূমিখিনি দান দিব বিচাৰে । মাংগী বায়ে লগতে কয়, তেওঁ এতিয়ালৈকে কেৱল দূৰদৰ্শনতহে প্ৰধানমন্ত্ৰী মোদীক দেখিছে । কিন্তু এতিয়া তেওঁক লগ কৰিব বিচাৰে বুলিও তেওঁ কয় । "যিজনে বিধৱা পেঞ্চন প্ৰদান কৰিছে, বাসস্থান দিছে, তেওঁ কেৱল মোৰ পুত্ৰ মোদী ।" মাংগী বায়ে লগতে কয় ।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ জুনত দিনজোৰা ভ্ৰমণসূচীৰে মধ্যপ্ৰদেশলৈ যাব । এই সময়ছোৱাত তেওঁ পাঁচখন বন্দে ভাৰত ৰে'লৰ ফ্লেগ অফ কৰিব আৰু ৰাষ্ট্ৰীয় চিকল চেল এনিমিয়া নিৰ্মূল অভিযান আৰম্ভ কৰিব । প্ৰধানমন্ত্ৰীয়ে পুৱা প্ৰায় ১০.৩০ বজাত ৰাণী কমলাপতি ৰে'ল ষ্টেচনত উপস্থিত হ'ব আৰু পাঁচখন বন্দে ভাৰত ৰে'লৰ ফ্লেগ অফ কৰিব ।
লগতে পঢ়ক :WB Panchayat Polls : মোদীৰ বিদেশ ভ্ৰমণক লৈ মমতাৰ আক্ৰমণ