ETV Bharat / snippets

জামুগুৰিহাটত ৰে’লৰ খুন্দাত নিহত অষ্টম শ্ৰেণীৰ ছাত্ৰ

author img

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 9:34 AM IST

Student dies after being hit by train in Jamugurihat
জামুগুৰিহাটত ৰে’লৰ খুন্দাত নিহত অষ্টম শ্ৰেণীৰ ছাত্ৰ (ETV Bharat)

চতিয়া, 4 আগষ্ট : জামুগুৰিহাটৰ বামুণবাৰীত অঘটন ৷ ৰঙিয়াৰ পৰা মুকংচেলেং অভিমুখী পেচেঞ্জাৰ ৰে’লৰ খুন্দাত নিহত হয় এগৰাকী ছাত্ৰ ৷ নিহত ছাত্ৰজন অষ্টম শ্ৰেণীত অধ্যয়নৰত লেখক কলিতা (15) বুলি চিনাক্ত কৰা হৈছে ।

জানিব পৰা মতে, গ্ৰীষ্ম বন্ধ উপলক্ষে বিগত তিনিদিন ধৰি ছাত্ৰজন সমনীয়াৰ ঘৰত ফুৰিব আহিছিল ৷ তেতিয়াই এই ঘটনাটো সংঘটিত হয় ৷ মৃত্যু হোৱা ছাত্ৰজনৰ ঘৰ জামুগুৰিহাটৰ কুসুমটোলাত৷ ঘটনা সংঘটিত হোৱাৰ পাচতে উক্ত স্থানত ৰে’ল আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.