ETV Bharat / health

ঋতুস্ৰাৱৰ সময়ত মেজাজৰ পৰিৱৰ্তন কেনেকৈ মেনেজ কৰিব পাৰি ? চিকিৎসকে দিলে এই ৫টা গুৰুত্বপূৰ্ণ উপায় - Mood Swings

author img

By ETV Bharat Health Team

Published : Sep 9, 2024, 5:22 PM IST

Mood Swings: প্ৰতিজন পুৰুষে বুজাটো উচিত যে যিকোনো মহিলাৰ মেজাজৰ পৰিৱৰ্তন ইচ্ছাকৃতভাৱে নহয়, কিন্তু ইয়াৰ আঁৰত কিছুমান কাৰণ আছে । যদি আপুনি এই কথা বুজি পায় তেন্তে আপোনাৰ সংগীক মাহেকীয়াৰ সময়ত সহায় কৰিব পাৰিব । আজি এই বিষয়ে চিকিৎসক মনন বোৰাৰ পৰাই জানো আহক-

How to manage mood swings during periods, doctor tells 5 important ways
ঋতুস্ৰাৱৰ সময়ত মেজাজৰ পৰিৱৰ্তন কেনেকৈ মেনেজ কৰিব পাৰি ? চিকিৎসকে দিলে এই ৫টা গুৰুত্বপূৰ্ণ উপায় (ETV Bharat)

বহুতে ভাবে যে মহিলাসকলৰ মেজাজ বুজাটো অসম্ভৱ ৷ তেওঁৰ মনত কি চলি আছে সেয়া এক ৰহস্যতকৈও কম নহয় ৷ কেতিয়াবা যথেষ্ট জটিল আৰু বুজিব নোৱাৰা যেন লাগে ৷ সেয়ে এই সন্দৰ্ভত ডাঃ মনন ভোৰাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ৰ জৰিয়তে কয় যে, ঋতুচক্ৰৰ সময়ত হৰম’নৰ উঠা-নমা অনুভৱ কৰাৰ কাৰণ মেজাজৰ দোলাচল আৰু এয়া এক স্বাভাৱিক প্ৰতিক্ৰিয়া ৷

ডাঃ মনন ভোৰাই কয় যে, পিৰিয়ডৰ আগতে ইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰনৰ মাত্ৰা কমি যায় ৷ ইয়াৰ উপৰিও চেৰ’টনিনৰ মাত্ৰাও উঠা-নমা হয় ৷ ইয়াৰ ফলত কিছুমান খাদ্যৰ প্ৰতি লোভ, পেট ফুলা, মূৰৰ বিষ আৰু বিৰক্তিৰ সৃষ্টি হ’ব পাৰে ৷

১/ মদ্যপান পৰিহাৰ কৰক

ইতিমধ্যে মদ্যপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, কিন্তু যদি আপুনি মাহেকীয়াৰ সময়ত ইয়াক পান কৰে তেন্তে মেজাজৰ পৰিৱৰ্তন আৰু বৃদ্ধি পাব পাৰে ৷ মদ্যপান পৰিহাৰ কৰিলে আৱেগক শান্ত কৰি ৰখা আৰু ইয়াক বজাই ৰখাত বহুখিনি সহায় কৰে ৷

২/ চেনি সেৱন কমাব লাগে

যদি আপুনি অত্যধিক চেনি বা মিঠা বস্তু সেৱন কৰে তেন্তে ই হঠাতে শক্তিৰ মাত্ৰা বৃদ্ধি কৰিব যিয়ে মেজাজৰ দোলাচল বেয়া মাত্ৰালৈ লৈ যাব পাৰে ৷ ইয়াৰ বাবে মিঠা খাদ্যৰ পৰিৱৰ্তে সুষম আহাৰ গ্ৰহণ কৰাটো ভাল যাতে শক্তিৰ মাত্ৰা আৰু মেজাজ স্থিৰ হৈ থাকে ৷

৩/ জিৰণি লোৱা টোপনি

আপোনাৰ আৱেগিক সুস্থতাৰ বাবে এটা ভাল আৰু শিথিল টোপনি অতি গুৰুত্বপূৰ্ণ ৷ ই হৰম’ন নিয়ন্ত্ৰণ কৰাত আৰু মেজাজৰ পৰিৱৰ্তনৰ প্ৰভাৱ কমোৱাত সহায় কৰে ৷

৪/ ব্যায়াম কৰা

নিয়মিত শাৰীৰিক ব্যায়ামে এণ্ড’ৰ্ফিন নিৰ্গত কৰে, যাক হেপি হৰম’ন বুলি জনা যায়, যিয়ে স্বাভাৱিকতে আপোনাৰ মেজাজ বৃদ্ধি কৰিব পাৰে আৰু মানসিক চাপৰ বিৰুদ্ধে যুঁজিব পাৰে ৷ দৈনিক স্বাভাৱিক খোজ কঢ়া বা যোগাসনৰ অধিবেশনে যথেষ্ট পাৰ্থক্য আনিব পাৰে ৷

৫/ লিখাৰ অভ্যাস কৰক

আপোনাৰ চিন্তা আৰু অনুভৱ লিখি থ’লে অনুভৱ প্ৰকাশ আৰু সময়ৰ লগে লগে মেজাজৰ আৰ্হি অনুসৰণৰ বাবে এটা আউটলেট প্ৰদান কৰিব পাৰি ৷ ইয়াৰ দ্বাৰা ট্ৰিগাৰ বুজি পোৱাত আৰু ফলপ্ৰসূ মোকাবিলা কৌশল বিচাৰি উলিওৱাত সহায়ক হ’ব পাৰে ৷

Ref:- https://www.medicalnewstoday.com/articles/mood-swings-in-women#:~:text=Premenstrual%20dysphoric%20disorder%20(PMDD)%20is,mood%20swings

লগতে পঢ়ক: ঋতুস্ৰাৱৰ সময়ত হোৱা অতিপাত বিষক আওকাণ নকৰিব...হ’ব পাৰে এই ৰোগৰ লক্ষণ - Chocolate Cyst

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.