ETV Bharat / state

ধিঙৰ ধৰ্ষণ অভিযুক্তৰ যদি শাস্তি হয় তেন্তে সাৰি যাব নোৱাৰিব শংকৰজ্যোতি বৰুৱাও: মীৰা বৰঠাকুৰ - Congress protest in Jorhat - CONGRESS PROTEST IN JORHAT

Meera Borthakur slams Assam CM: জাতি-ধৰ্ম নিৰ্বিশেষে নাৰীজনিত অপৰাধৰ যিকোনো অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব চৰকাৰে ৷ নাৰী নিৰ্যাতনৰ বিৰুদ্ধে অবিৰত আন্দোলন চলাই যাব মহিলা কংগ্ৰেছে ৷ যোৰহাটত মীৰা বৰঠাকুৰৰ হুংকাৰ ৷

Meera Borthakur slams Assam CM
Congress protest in Jorhat (@borthakur_mira)
author img

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 5:20 PM IST

যোৰহাট, 9 ছেপ্টেম্বৰ: ‘‘ধিংকাণ্ডৰ যদি অপৰাধীয়ে শাস্তি পাব লাগে তেন্তে ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ বিৰুদ্ধে উঠা নাৰী নিৰ্যাতনৰ অভিযোগৰো বিচাৰ হ’ব লাগিব ৷ ৰেপিষ্ট বা নাৰীৰ বিৰুদ্ধে উঠা প্ৰতিটো অভিযোগৰ উচিত তদন্ত নোহোৱা পৰ্যন্ত অসম প্ৰদেশ মহিলা কংগ্ৰেছে আন্দোলন চলাই যাব ৷’’ যোৰহাটত এই মন্তব্য কৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে ৷

মীৰা বৰঠাকুৰৰ হুংকাৰ (ETV Bharat)

অসম ৰাজ্যিক মহিলা কংগ্ৰেছ কমিটীৰ আহ্বানত যোৰহাট জিলা মহিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত শিৱসাগৰ, মাজুলী আৰু গোলাঘাট আৰু যোৰহাট জিলাৰ সহস্ৰাধিক মহিলা কংগ্ৰেছকৰ্মীয়ে সোমবাৰে যোৰহাট নগৰত নাৰীৰ ন্যায় আন্দোলন কাৰ্যসূচী অনুষ্ঠিত কৰি এক সমদল বাহিৰ কৰে ।

অনুষ্ঠানত অংশগ্ৰহণ কৰি মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত সৰৱ হৈ পৰে ৷ তেওঁ কয় যে নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত চৰকাৰে এটা ধৰ্মৰ লোকক টাৰ্গেট কৰি ল’লে নহ’ব, সকলো অপৰাধীকে উচিত শাস্তি প্ৰদান কৰিব লাগিব ৷

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে অনলাইন ট্ৰেডিঙৰ বিষয়টোক আগলৈ আনি বাকী বিষয়বোৰ তল পেলাবলৈ চেষ্টা চলোৱা হৈছে ৷ মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তি, স্মাৰ্ট মিটাৰ সংস্থাপন, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিষয়বোৰ চুমী-বিশালৰ কাহিনীৰে তল পেলাবলৈ মুখ্যমন্ত্ৰীয়ে চেষ্টা চলাইছে বুলি অভিযোগ কৰে মীৰা বৰঠাকুৰে ৷ তেওঁ কয় যে অনলাইন ট্ৰেডিঙত একাংশই ক’লা ধন বিনিয়োগ কৰিছে ৷ এইটো ৰাজ্যৰ বিষয় নহয়, চৰকাৰে অভিযুক্তক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰক, কিন্তু নাৰী নিৰ্যাতনৰ লগতে মূল্যবৃদ্ধি, স্মাৰ্ট মিটাৰ সংস্থাপন আদি বিষয়বোৰৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷

তেওঁ লগতে কয় যে এগৰাকী ছাত্ৰীয়ে উত্থাপন কৰা নিৰ্যাতনৰ সন্দৰ্ভত ৰাজ্যৰ গৃহ বিভাগ নীৰৱে আছে ৷ ‘‘পুৱা এটা ফোন আহিল, ফোনত এজনী ছোৱালীয়ে ক’লে মই এক নিৰ্যাতনৰ বলি হৈছো ৷ আপোনালোক সততে সজাগ আৰু সচেতন হৈ থাকে ৷ কিন্তু মই যে নিৰ্যাতনৰ বলি হৈ চিকিৎসাধীন হৈ আছো ইয়াৰ বিৰুদ্ধে মাত কেতিয়া মাতিব ? মই কৈছো নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকেই হওক, কংগ্ৰেছীয়েই হওক বা বিজেপিয়েই হওক শাস্তিৰ সন্মুখীন হ’ব লাগিব ৷’’ মীৰা বৰঠাকুৰে কয় ৷

তেওঁ চৰকাৰে ৰূপায়ণ কৰা ভূমি নীতি সন্দৰ্ভত কয় যে মুখ্যমন্ত্ৰীৰ পত্নীয়ে মাজুলীত যি 17 বিঘা মাটি ক্ৰয় কৰিছে, চিলিং এক্টৰ জৰিয়তে যি হাজাৰ বিঘা মাটি ক্ৰয় কৰিছে সেইক্ষেত্ৰত ভূমি নীতি কি হ’ব ? তুলিৰাম ৰংহাং, মুখ্যমন্ত্ৰীৰ পত্নী সকলোৰে বিৰুদ্ধে উচিত ব্যৱস্থা ল’ব লাগিব বুলি তেওঁ দাবী জনায় ৷ লগতে মুখ্যমন্ত্ৰীৰ সমগ্ৰ পৰিয়াল দুৰ্নীতিত নিমজ্জিত হৈ আছে বুলিও সাংবাদিকৰ আগত কয় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷ ২০২৬ চনত কংগ্ৰেছৰ চৰকাৰ আহিলে প্ৰথমতেই মুখ্যমন্ত্ৰীৰ পত্নীৰ বিশাল সম্পত্তিৰ এটা এটাকৈ হিচাপ হ’ব বুলিও হুংকাৰ দিয়ে মীৰা বৰঠাকুৰে ৷

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে লগতে কয় যে অসম চৰকাৰে হিন্দু আৰু মুছলমানৰ কথা কৈ সাম্প্ৰদায়িকতাৰ বীজ বিয়পাব বিচাৰিছে ৷ এই কাৰ্যসূচীত মীৰা বৰঠাকুৰৰ লগতে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিবামণি বৰা, তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাসহিতে বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: অহা মাৰ্চত প্ৰণয়ন হ'ব নতুন ভূমি আইন; কি থাকিব এই আইনত ? - Assam New Land Act

এগৰাকী শিল্পীক কিয় ধৰিব পৰা নাই আৰক্ষীয়ে: প্ৰশ্ন গৌৰৱ গগৈৰ - MP GAURAV GOGOI

প্ৰেমৰ সম্পৰ্ক ৰাখি প্ৰতাৰণা কৰাৰ অভিযোগ শীৰ্ষ ছাত্ৰনেতাৰ বিৰুদ্ধে - Allegation Against AASU Leader

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.