ETV Bharat / snippets

মাছ মাৰিবলৈ গৈ জোনাই নদীত পৰি মৃত্যু এজন বৃদ্ধৰ

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 7:13 AM IST

মাছ মাৰিবলৈ গৈ জোনাই নদীত পৰি মৃত্যু এজন বৃদ্ধৰ
মাছ মাৰিবলৈ গৈ জোনাই নদীত পৰি মৃত্যু এজন বৃদ্ধৰ (ETV Bharat)

জোনাই, ৩ আগষ্ট : শুক্ৰবাৰে বিয়লি প্ৰায় ৫ বজাত জোনাই নদীত মাছ মাৰিবলৈ গৈ সলিল সমাধি ঘটে এজন বৃদ্ধৰ ৷ নিহত বৃদ্ধজন জোনাই আৰক্ষী থানাৰ অন্তৰ্গত ১নং তাৰি নেপালী গাঁৱৰ নিবাসী শংকৰ ছেত্ৰী (৬৫) বুলি জানিব পৰা গৈছে ৷

বিৱৰণি মতে, শুক্ৰৰবাৰে দিনৰ প্ৰায় ৩ বজাত গৰু আনিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল শংকৰ ৷ কিন্তু নিশা বহু পৰলৈকে ঘৰলৈ শংকৰ উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰে আৰু অৱশেষত জোনাই নদীৰ পৰা উদ্ধাৰ কৰা হয় তেওঁৰ মৃতদেহ ৷ ইফালে ঘটনাৰ খবৰ লাভ কৰাৰ পাচতে ঘটনাস্থলীত জোনাই আৰক্ষী উপস্থিত হৈ শংকৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.