ETV Bharat / snippets

অসম আন্দোলনৰ নিৰ্যাতিত ছাত্ৰনেতা, প্ৰাক্তন পৌৰপতি মুকুল দাসৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 8:45 AM IST

Etv Bharat
প্ৰাক্তন পৌৰপতি মুকুল দাসৰ মৃত্যু (Etv Bharat)

বৰপেটা, 30 মে’ : অসম আন্দোলনৰ নিৰ্যাতিত ছাত্ৰনেতা, বৰপেটা পৌৰসভাৰ প্ৰাক্তন পৌৰপতি মুকুল দাসৰ মৃত্যু ৷ জি এম চি এইচত চিকিৎসাধীন অৱস্থাত বুধবাৰে সন্ধিয়া ৮.৪৫ বজাত মৃত্যু ঘটে মুকুল দাসৰ ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৫ বছৰ ৷ অসম আন্দোলনৰ সময়ত আৰক্ষীৰ অমানুষিক অত্যাচাৰৰ ফলত পংগুত্বৰ জীৱন আঁকোৱালি ল’বলগীয়া হৈছিল প্ৰাক্তন ছাত্ৰনেতাগৰাকীয়ে ৷ অসম চুক্তি স্বাক্ষৰৰ পিছত ১৯৮৬-৮৭ চনত দাসে অবিভক্ত কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব বহন কৰিছিল ৷

আছুৰ পৰা অব্যাহতি লোৱাৰ পিছত মুকুল দাসে অগপত যোগ দি বৰপেটা পৌৰসভাৰ পৌৰপতিৰ দায়িত্ব বহন কৰিছিল ৷ অগপৰ জ্যেষ্ঠ নেতা মুকুল দাসৰ মৃত্যুত বিভিন্ন দল-সংগঠনে শোকপ্ৰকাশ কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.