ETV Bharat / snippets

চিলাপথাৰত জব্দ বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা

author img

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 7:37 AM IST

Arunachal liquor seized in Jonai
চিলাপথাৰত জব্দ বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা (ETV Bharat Assam)

জোনাই, ৬ আগষ্ট : ৰাজ্যত এতিয়াও অব্যাহত আছে সুৰাৰ বেহা ৷ দেওবাৰে বিয়লি চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত অসম-অৰুণাচল প্ৰদেশৰ সীমান্ত অঞ্চল নিলখ গাঁও পঞ্চায়তৰ জেংৰাই সুন্দৰপুৰত জাতীয়তাবাদী যুৱ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কিছুসংখ্যক নেতা-কর্মীৰ তৎপৰতাত অৰুণাচলী সুৰাভৰ্তি ৩ খন বলেৰ' পিকআপ ভান জব্দ কৰা হয় ।

জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ লিকাবালিৰ পৰা সুৰা লৈ ভানকেইখন নিলখ হৈ অসমত প্ৰৱেশ কৰাৰ সময়তে জব্দ কৰা হয় ৷ জব্দকৃত বাহন তিনিখনৰ নম্বৰ হৈছে AS২২C৯৩৩৩, AS২২C৯২৫১ আৰু AS২২C৮৫৪৯ ৷ এই ৩খন বাহনৰ প্ৰতিখনৰ পৰাই ২৫০ কার্টনকৈ বিলাতী সুৰা জব্দ কৰা হয় ৷ লগতে আটক কৰা হয় কেবাজনো লোকক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.