ETV Bharat / bharat

বোবাৰ ৰূপত ছিৰিয়েল কিলাৰ, জিঘাংসাৰ বলি ২ মহিলা - Psycho serial killer

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 10:56 PM IST

Dumb psycho serial killer : ছত্তীশগড়ত আৰক্ষীয়ে এজন ছিৰিয়েল কিলাৰৰ ৰহস্য ভেদ কৰিছে । অভিযুক্ত ইমানেই চতুৰ আছিল যে তাক ধৰিবলৈ যাওঁতে আৰক্ষীকো নগুৰ-নাকটি কৰে । ইফালে অপৰাধীক কৰায়ত্ত কৰাৰ পিছত যি কথা পোহৰলৈ আহিছে তাত আৰক্ষীও হতবাক হৈ পৰিছে ।

Dumb Psycho Serial Killer
বোবাৰ ৰূপত ছিৰিয়েল কিলাৰ, জিঘাংসাৰ বলি ২ মহিলা (ETV Bharat)

নিউজ ডেস্ক, ৯ ছেপ্টেম্বৰ : ছত্তীশগড়ত আৰক্ষীৰ জালত ছিৰিয়েল কিলাৰ । ৰাজ্যখনৰ বালোদাবজাৰ আৰক্ষীয়ে এই ছিৰিয়েল কিলাৰটোক কৰায়ত্ত কৰে । আচৰিত কথাটো হৈছে যে অপৰাধীক ধৰিবলৈ আৰক্ষীয়ে সাংকেতিক ভাষা বিশেষজ্ঞৰ আশ্ৰয় ল'বলগা হয় । কিয়নো অভিযুক্তই বোবাৰ ৰূপ লৈ আছিল । আনহাতে, গ্ৰেপ্তাৰবৰণৰ পিচত অভিযুক্তই আৰক্ষীক যি বিৱৰণ দিছিল, তাত সকলোৱে আচৰিত হৈ পৰে । অভিযুক্তই ভালুকোনাত দুটা হত্যাকাণ্ড সংঘটিত কৰিছিল । প্ৰথম হত্যাকাণ্ড সুকলমে সংঘটিত কৰি ধৰা নপৰাকৈ থকাত দ্বিতীয় হত্যাকাণ্ডৰ বাবে প্ৰৰোচিত হৈছিল ।

৪ বছৰ পিছত গ্ৰেপ্তাৰ

ছত্তীশগড়ৰ বালোদাবজাৰ-ভাটাপাৰা জিলাৰ লৱান আৰক্ষী থানাৰ অন্তৰ্গত ভালুকোনা গাঁৱত মহিলাক হত্যাৰ অভিযোগত অভিযুক্ত এজন ছিৰিয়েল কিলাৰক আৰক্ষীয়ে ৪ বছৰৰ মূৰত গ্ৰেপ্তাৰ কৰে । অভিযুক্ত এজন বোবা আৰু তেওঁক ধৰিবলৈ আৰক্ষীয়ে সাংকেতিক ভাষা বিশেষজ্ঞৰ সহায় ল'বলগা হৈছিল । অভিযুক্তই ৪ বছৰ পূৰ্বে দুই বৃদ্ধাক নিৰ্মমভাৱে হত্যা কৰিছিল ।

২০২০ চনত সংঘটিত কৰিছিল প্ৰথম হত্যাকাণ্ড

২০২০ চনৰ ২৯ মে'ত ৰামায়ণ পেটেল নামৰ এজন ব্যক্তিয়ে লৱান আৰক্ষী থানাত এক অভিযোগ দাখিল কৰিছিল যে তেওঁৰ ভতিজী অনুপম বাঈৰ মৃতদেহ মহানদীৰ পাৰত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে । এই অভিযোগ লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে প্ৰত্যক্ষ কৰে যে মহিলাগৰাকীৰ কাপোৰবোৰ ফালি-চিৰি আছিল আৰু মূৰত গুৰুতৰ আঘাত আছিল । আনহাতে, মৃতদেহটো তেজেৰে তুমৰলি হৈ আছিল । ওচৰতে তেজলগা শুকান খৰিও পৰি আছিল । যাৰ ফলত সন্দেহ হৈছিল যে মহিলাগৰাকীক হত্যা কৰা হৈছে আৰু হত্যাৰ পিচত মৃতদেহটো গছত ওলোমাই দিয়া হৈছিল । ইয়াৰ পিচত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু প্ৰমাণ সংগ্ৰহত নামি পৰে ।

৩ বছৰৰ পিছত দ্বিতীয়টো হত্যাকাণ্ড

আনহাতে, দ্বিতীয়টো হত্যাৰ ঘটনা ২০২৩ চনৰ ১৩ মাৰ্চ তাৰিখে সংঘটিত হয় । কিষাণ যাদৱ নামৰ আন এজন ব্যক্তিয়ে লাৱান আৰক্ষী থানাত এটা গোচৰ দাখিল কৰে যে গৌৰী বাঈ যাদৱৰ মৃতদেহ গাঁওখনৰ পাংখাট্টি পুখুৰীৰ ওচৰত মন্দিৰৰ ওচৰত পৰি আছে । আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰি প্ৰত্যক্ষ কৰে যে মহিলাগৰাকীৰ মূৰত আৰু মুখত গুৰুতৰ আঘাতৰ চিন আছে । আনহাতে, শৰীৰটো সম্পূৰ্ণ ৰক্তাক্ত । ঘটনাস্থলীত চোঁচৰাই নিয়াৰ চিহ্নও পোৱা গৈছিল । ইফালে ওচৰতে তেজৰ দাগ থকা কাঠৰ টুকুৰাও পোৱা গৈছিল ।

দুয়োটা ঘটনাৰ ধৰণত মিল আছে

আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰি দেখে যে গৌৰী বাঈ আৰু অনুপম বাঈৰ হত্যাৰ ধৰণ একে আছিল । দুয়োটা ক্ষেত্ৰতে উমৈহতীয়া সংযোগটো আছিল যে দুয়োটা হত্যাকাণ্ড একেখন গাঁৱতে সংঘটিত হৈছিল । সমগ্ৰ ঘটনা আৰু প্ৰমাণৰ ভিত্তিত হত্যাৰ গোচৰটোত গাঁওখনৰ এজন সন্দেহজনক ব্যক্তি তেজৰাম ওৰফে কোণ্ডাৰ নাম পোহৰলৈ আহে । তেওঁ আছিল বোবা । আচলতে বোবা নাছিল, বোবাৰ ভাও ধৰি চলি আছিল ।

ইফালে আৰক্ষীয়ে সন্দেহজনক ব্যক্তিজনক আটক কৰে আৰু 'সাংকেতিক ভাষা বিশেষজ্ঞ'ৰ সহায়ত মানসিকভাৱে হেঁচা প্ৰয়োগ কৰি জেৰা কৰে । এই জেৰাত অভিযুক্তই দুয়োটা হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে । আনহাতে, জেৰাত কোণ্ডাই আৰক্ষীক হত্যাৰ বিষয়ে কোৱাৰ লগতে কেনেদৰে হত্যা কৰিছিল সেয়াও প্ৰকাশ কৰে । ৬ ছেপ্টেম্বৰত আৰক্ষীয়ে অভিযুক্তক আদালতত হাজিৰ কৰাই কাৰাগাৰলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক :তিনিবছৰীয়া শিশুক হত্যা কৰি ভৰাই থ’লে ৱাছিং মেচিনত - Brutal Murder of Child
লগতে পঢ়ক :পুনৰ অশান্ত ৰাজ্য : ৯ আৰু ১০ ছেপ্টেম্বৰত বন্ধ সকলো শিক্ষা প্ৰতিষ্ঠান - Manipur crisis

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.