আলফা (স্বাধীন)ৰ আই ডি সংস্থাপনত জড়িত তিনি যুৱকক কাৰাগাৰলৈ প্ৰেৰণ - ULFA I bomb plant case

By ETV Bharat Assamese Team

Published : 2 hours ago

thumbnail
তিনি যুৱকক ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ (ETV Bharat Assam)

মৰাণ, ২২ ছেপ্টেম্বৰ: স্বাধীনতা দিৱসৰ দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বোমা সংস্থাপন কৰাৰ অভিযোগত ১৫ গৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিচত ইয়াৰে তিনি যুৱকক ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ।  

আলফা (স্বাধীন)ৰে যোগাযোগ থকাৰ অভিযোগত মৰাণত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নতুন নগৰৰ উজ্জ্বল গগৈ, লেঙেৰীৰ ভাৰ্গৱ গগৈ আৰু তপন জ্যোতি ফুকন ওৰফে নেপালীক ৷ ১৫ আগষ্টত ৰাজ্যৰ বিভিন্ন স্থানত আইডি সংস্থাপনত জড়িত থকাৰ সন্দেহত শনিবাৰে নিশা অসম আৰক্ষীৰ এটা বিশেষ অভিযানকাৰী দলে তিনিওকে গ্ৰেপ্তাৰ কৰে ৷ মৰাণ থানাত ধৃত তিনি যুৱকক প্ৰাথমিক সোধা-পোছাৰ পাছত দেওবাৰে বিয়লি ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ৷  

অসম আৰক্ষীৰ বিশেষ শাখা আৰু এনআইএৰ দলে সমগ্ৰ বিষয়টো তদন্ত কৰি থকাৰ সময়তে যোৱা নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা মুঠ ১৫ গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷ 

লগতে পঢ়ক:আলফাৰ বোমা সংস্থাপনৰ ঘটনাৰে জড়িত ১৫ জনক গ্ৰেপ্তাৰ - ULFA I bomb plant case

আলফা(স্বাঃ) ৰ নামত ধনদাবী কৰি আটক যুৱক: গুৱাহাটীত বোমা সংস্থাপনতো জড়িত থকাৰ অভিযোগ - ULFA I linkman detained

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.