thumbnail

ৰহাত নিশা ৰহস্যজনকভাৱে যুৱক সন্ধানহীন - Youth missing in Raha

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 4:37 PM IST

ৰহা, ৮ জুলাই: ৰহাৰ ৰূপহীতলীত যুৱক সন্ধানহীন । শনিবাৰে নিশাৰে পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছে এই যুৱকজন । ৰূপহীতলীৰ মনোজ ডেকাৰ পুত্ৰ নিকুঞ্জ ডেকা (১৮)ই শনিবাৰে নিশা ফাষ্ট টেগৰ কাম আছে বুলি ঘৰৰ পৰা ওলাই যোৱাৰে পৰা সন্ধানহীন হয় । ইতিমধ্য়ে এই ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ৰহা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

পৰিয়ালৰ লোকে উল্লেখ কৰা মতে, শনিবাৰে নিশা ১০ বজাত কোনো গ্ৰাহকে ফাষ্ট টেগৰ কামৰ বাবে ফোন কৰে । সেইবাবে যুৱকজনে নিশা মাক-দেউতাকক এই বিষয়ে উল্লেখ কৰি ঘৰৰ পৰা ওলাই যায় । কিন্তু বহু দেৰিলৈকে যুৱকজন ঘৰলৈ উভতি নহাত মাতৃয়ে ফোন কৰাত প্ৰথমে নিকুঞ্জই ফোন ধৰিছিল যদিও পিচত মোবাইলটো বন্ধ হৈ পৰে । তাৰ পিচৰে পৰা যুৱকজন সন্ধানহীন হয় ।  

দেওবাৰে পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰে যদিও যুৱকজনৰ সন্ধান নোপোৱাত শোকত ভাগি পৰিছে পিতৃ-মাতৃ । কোনো লোকে যুৱকজনৰ সন্ধান পালে 6901421655 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।

লগতে পঢ়ক:কৰ্মসংস্থাপনৰ বিচাৰি গৈ সন্ধানহীন চিচিবৰগাঁৱৰ অতুল দেউৰী - Missing Case

ৰাজ্যৰ দুই পৃথক স্থানত দুগৰাকী ব্যক্তি নিৰুদ্দেশ : উদ্ধাৰ অভিযান অব্যাহত - TWO PERSON MISSING

ব্ৰহ্মপুত্ৰত ই-ৰিক্সাসহ উটি গ'ল তিনি যুৱক : এজনক জীৱিত অৱস্থাত উদ্ধাৰ - Missing In Brahmaputra

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.