ৰৈ থকা টেক্টৰত খুন্দা মাৰি কাকপথাৰ ডিৰাক গেটত দুৰ্ঘটনাত পতিত দুই যুৱক - Kakopathar Road Accident - KAKOPATHAR ROAD ACCIDENT
🎬 Watch Now: Feature Video


Published : Mar 26, 2024, 11:43 AM IST
তিনিচুকীয়া, 26 মাৰ্চ : ফাকুৱাৰ আনন্দ-উল্লাসৰ মাজতে সোমবাৰে নিশা তিনিচুকীয়া জিলাৰ কাকপথাৰ ডিৰাক গেটত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত দুজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ স্থানীয় লোকৰ তৎপৰতাত আহত দুই যুৱককে অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷
দুই যুৱক ক্ৰমে ফিল’বাৰীৰ ৰবৰগুৰীৰৰ পংকজ শইকীয়া (21) আৰু নিপু শইকীয়া(21) বুলি জানিব পৰা গৈছে ৷ ঘটনা অনুসৰি, অৰুণাচল প্ৰদেশৰ দিশৰ পৰা AS23 X6352 নম্বৰৰ এখন মটৰ চাইকেলেৰে আহি আছিল দুই যুৱক ৷ তেনেতে হঠাৎ দুই যুৱকে ৰখাই থোৱা এখন টেক্টৰত খুন্দা মাৰে ৷ ফলত উক্ত দুৰ্ঘটনাটো সংঘটিত হয় ৷
বাতৰি যুগুত কৰা পৰলৈকে লাভ কৰা তথ্য অনুসৰি, তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত মৃত্যু হয় নিপু শইকীয়া নামৰ যুৱকজনৰ ৷ আনহাতে, আনজন যুৱক পংকজ শইকীয়াক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷
লগতে পঢ়ক : লখৰাত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত এজন - Road accident in Lokhra