thumbnail

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 5:00 PM IST

ETV Bharat / Videos

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তী দিৱস উদযাপন - World Elephant Day

মঙলদৈ, ১২ আগষ্ট : আজি বিশ্বজুৰি 'বিশ্ব হস্তী দিৱস' উদযাপন কৰা হয় । ২০১২ চনৰ ১২ আগষ্টৰ পৰা এই দিৱস উদযাপন কৰি অহা হৈছে । সমগ্ৰ বিশ্বৰ লগতে অসমতো সোমবাৰে এই দিৱস উদযাপন কৰা হয় ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে আজি ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় 'বিশ্ব হস্তী দিৱস' ৷  

উদ্যানখনৰ মূল গেটত বিভাগীয় হাতীৰ সৈতে বনকৰ্মীসকলে শোভাযাত্ৰা উলিয়াই উদযাপন কৰে এই দিৱস ৷ আজিৰ এই কাৰ্যসূচীত বিভিন্ন সংস্থা, চৰকাৰী কৰ্মচাৰী আদিয়ে অংশগ্ৰহণ কৰে । উল্লেখযোগ্য যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনত বৰ্তমান ৩৭ টা বিভাগীয় হাতীৰ লগতে ১৬ টা বনৰীয়া হাতী আছে । এই দিৱসৰ উদ্দেশ্য হৈছে বিশ্বজুৰি মানুহ আৰু সংগঠনসমূহক একত্ৰিত কৰি হাতীয়ে সন্মুখীন হোৱা ভাবুকিৰ সৈতে মোকাবিলা কৰা । 

লগতে পঢ়ক:হাতী সংৰক্ষণৰ বাবে উদযাপিত এটি বিশেষ দিন: বিশ্ব হস্তী দিৱস - World Elephant Day

আজি বিশ্ব হস্তী দিৱস: নুমলীগড়ত অব্যাহত আছে হাতী-মানুহৰ সংঘাত - wild elephants terror in Numaligarh

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.