প্লাষ্টিকমুক্ত পৃথিৱী শ্ল'গানেৰে শিৱসাগৰত বিশ্ব ধৰিত্ৰী দিৱস পালন - World Earth Day 2024

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 5:28 PM IST

thumbnail

শিৱসাগৰ, ২২ এপ্ৰিল: আজি বিশ্ব ধৰিত্ৰী দিৱস । প্ৰতি বছৰে ২২ এপ্ৰিলৰ দিনটো বিশ্ব ধৰিত্ৰী দিৱস হিচাপে পালন কৰি অহা হৈছে । প্ৰদূষণ,গোলকীয় উষ্ণতা, বন ধ্বংস আদি পৰিৱেশ সমস্যাৰ লগতে জৈৱ বৈচিত্ৰৰ সংৰক্ষণৰ বিষয়ে বিশ্ববাসীৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ এই দিৱস পালন কৰি হৈছে । এই বৰ্ষৰ ধৰিত্ৰী দিৱসৰ মূলমন্ত্ৰ হৈছে ' প্লাষ্টিকমুক্ত পৃথিৱী ।'  

আজি শিৱসাগৰৰ দৰবাৰ ফিল্ডৰ সমীপৰ শিৱসাগৰ হাইস্কুলত নেচাৰ্চ বেকন ৰংপুৰ আঞ্চলিকৰ উদ্যোগতো এই দিৱস পালন কৰা হয় । গছপুলি ৰোপণ, সজাগতা সভাৰ লগতে এখন কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰা হয় । প্লাষ্টিক সততে কম পৰিমানে ব্যৱহাৰ কৰি বিশ্ব ধৰিত্ৰী দিৱস পালন কৰি ছাত্র-ছাত্ৰীৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰে নেচাৰ্চ বেকন ৰংপুৰে ।  

লগতে পঢ়ক:বিশ্ব ধৰিত্ৰী দিৱসৰ উপলক্ষে গুগলৰ বিশেষ ডুডল প্ৰদৰ্শন; জানেনে গুগলৰ প্ৰত্যেক অক্ষৰৰ অৰ্থ... - World Earth Day

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.