আন্তৰ্জাতিক নাৰী দিৱসত মহিলা হাফ মাৰাথনৰ ফ্লেগ অফ্ কৰে লাভলীনা বৰগোঁহায়ে

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 2:11 PM IST

thumbnail

ডিব্ৰুগড়, ৮ মাৰ্চ: নাৰীসকলৰ সামাজিক ন্যায় প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ৮ মাৰ্চ তাৰিখে পালন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস । এইবাৰ ডিব্ৰুগড়ত নাৰী দিৱস উপলক্ষে অনুষ্ঠিত কৰা হয় সদৌ অসম ভিত্তিত মহিলা হাফ মাৰাথন প্ৰতিযোগিতা । নাৰী দিৱস উপলক্ষে 'হাৰাথন' ডিব্ৰুগড় লেডিজ ফিটনেছ চেন্টাৰৰ উদ‍্যোগত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত মহিলা হাফ মাৰাথন প্ৰতিযোগিতাখনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় বক্সাৰ লাভলীনা বৰগোঁহাই ।

নাৰী দিৱস উপলক্ষে অনুষ্ঠিত হোৱা অসম ভিত্তিত মাৰথান দৌৰ প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে অসম গৌৰৱ লাভলীনা বৰগোঁহায়ে । Good and Healthy Heart মূল বিষয়-বস্তু হিচাপে লৈ অনুষ্ঠিত কৰা হাফ মাৰথান প্ৰতিযোগিতা ২১ কিঃমিঃ আৰু ৬ কিঃমিঃ দৈৰ্ঘত অনুষ্ঠিত কৰা হয় । দুয়োটা পৰ্যায়তে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ কেইবা শতাধিক মহিলা-যুৱতীয়ে অংশগ্ৰহণ কৰে ।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ লাভলীনা বৰগোঁহায়ে সকলো নাৰীক সু-স্বাস্থ্যৰ অধিকাৰী হৈ আত্মবিশ্বাস আৰু সাহসেৰে আগুৱাই যাবলৈ আহ্বান জনাই । অনুষ্ঠানত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনকে ধৰি ডিব্ৰুগড়ৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: ডিব্ৰুগড় বিমানবন্দৰত ঢোলে-ঢগৰে আদৰণি লাভলীনা বৰগোহাঁইক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.