কলিয়াবৰত এ পি ডি চি এলৰ প্ৰৱন্ধকৰ কাৰ্যালয়ত মহিলাৰ প্ৰতিবাদ - Protest Against APDCL

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 10:46 PM IST

thumbnail
কলিয়াবৰত APDCL ৰ প্ৰৱন্ধকৰ কাৰ্যালয়ত মহিলাৰ প্ৰতিবাদ (ETV Bharat Assam)

কলিয়াবৰ,১৭ আগষ্ট: অসম শক্তি বিতৰণ নিগমে সংযোগ কৰা স্মাৰ্ট মিটাৰে জলা-কলা খুৱাইছে সৰ্বসাধাৰণ গ্ৰাহকক । পূৰ্বতে ডিজিটেল মিটাৰৰ অধিক বিলে গ্ৰাহকৰ মূৰত মাধমাৰ সোধোৱাৰ পাছত এতিয়া স্মাৰ্ট মিটাৰৰ জৰিয়তে অসম শক্তি বিতৰণ নিগমে অধিক ধন সৰকোৱাৰ অভিযোগ উঠিছে । স্মাৰ্ট মিটাৰৰ যোগেদি বিদ্যুৎ মাচুলৰ নামত অধিক ধন পৰিশোধ কৰিব লগা হোৱাত ৰাজ্যজুৰি ক্ষোভৰ উদ্গীৰণ ঘটাইছে । অসম শক্তি বিতৰণ নিগমৰ লুণ্ঠনে এনে পৰ্যায় পাইছেগৈ যে গ্ৰাহকৰ মাহেকীয়া বিদ্যুতৰ বিল ১০০ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে ।  

কোনো কোনো গ্ৰাহকৰ পূৰ্বতে মাহে ২০০ টকা বিল আহিছিল যদিও এতিয়া এসপ্তাহতে প্ৰি-পেইড মিটাৰত ২০০ টকা বিদ্যুৎ বিল পৰিশোধ কৰিবলগীয়া হৈছে । এনে অভিযোগ এতিয়া কলিয়াবৰতো দেখা গৈছে । শুকুৰবাৰে তেনে অভিযোগ লৈ কলিয়াবৰৰ অসম শক্তি বিতৰণ নিগমৰ প্ৰৱন্ধকৰ কাৰ্যালয়ত উপস্থিত হয় কেইবাখনো গাঁৱৰ মহিলা । বাসুদেউবাৰী, পাগবন্ধা, দুলাল গাঁৱৰ মহিলাসকলে লিখিত আবেদন লৈ এই নতুন স্মাৰ্ট মিটাৰৰ পৰিৱৰ্তে পুৰণি মিটাৰ সংযোগ কৰিবলৈ অনুৰোধ জনায় ।

লগতে পঢ়ক: স্মাৰ্ট মিটাৰত অত্যধিক বিদ্যুৎ মাচুলৰ বিৰুদ্ধে মৰিয়নীত প্ৰতিবাদ - Protest Against APDCL at Morioni

গৌৰীসাগৰত প্ৰি প্ৰেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ - Protest against smart meters

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.