৪১ দিনে সন্ধান নাই ৰঙিয়াৰ বৰকুৰীহাৰ মাতৃ-সন্তানৰ - Assam Missing Incident

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 7:06 PM IST

ৰঙিয়া,১৯ মাৰ্চ: শিশুসহ মাতৃ নিৰুদ্দেশ হোৱাৰ ঘটনাক লৈ ব্যাপক চাঞ্চল্য বিৰাজ কৰিছে ৰঙিয়াৰ এটা অঞ্চলত । চিকিৎসকৰ ওচৰলৈ যোৱাৰ পিচৰে পৰা সন্ধানহীন হৈ আছে ৰঙিয়াৰ বৰকুৰীহাৰ শিশু-মাতৃ । যোৱা ৪১ দিনে কোনো সন্ধান নাই ২৩ বছৰীয়া মহিলাগৰাকীসহ তেওঁৰ কণমানি পুত্ৰৰ । জানিব পৰা মতে যোৱা ৮ ফেব্ৰুৱাৰীৰ দিনা মহিলাগৰাকীয়ে সন্তানটিৰ সৈতে দিনৰ ভাগত চিকিৎসকৰ ওচৰলৈ যাম বুলি ঘৰৰ পৰা ওলাই আহিছিল । কিন্তু তাৰ পিচৰে পৰা তেওঁ উভতি অহা নাই ঘৰলৈ । বৰ্তমানলৈকে পৰিয়ালৰ লোকে মহিলাগৰাকীৰ সন্ধান লাভ কৰা নাই ।  

পৰিয়ালৰ লোকে ইতিমধ্যে মহিলাগৰাকীৰ সৈতে ফোনত যোগাযোগৰ চেষ্টা কৰি আছে যদিও সেয়া সম্ভৱপৰ হৈ উঠা নাই । পৰিয়ালৰ লোকে ইতিমধ্যে কাষ চাপিছে ৰঙিয়া আৰক্ষীৰ । আৰক্ষীয়ে অনুসন্ধান কৰি আছে যদিও মহিলা গৰাকীৰ কোনো তথ্য লাভ নকৰাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক । কোনো দুষ্ট চক্ৰ‌ই ফুচুলাই নি কৰবাত বিক্ৰী কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ । যদিহে কোনো লোকে মহিলাগৰাকীৰ লগতে কণমানি সন্তানটোৰ সন্ধান লাভ কৰে তেন্তে পৰিয়াল তথা ওচৰৰ আৰক্ষী থানাৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: শিশু, যুৱতী, বোৱাৰী নিৰুদ্দেশ হোৱা সন্দৰ্ভত সৰৱ ডুমডুমা মহিলা সমিতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.