মাতৃগৃহলৈ ওলাই যোৱাৰ পিচৰে পৰাই চিলাপথাৰত পাঁচ দিনেই সন্ধানহীন মহিলা - Woman missing in Silapathar - WOMAN MISSING IN SILAPATHAR
🎬 Watch Now: Feature Video


Published : May 1, 2024, 7:28 AM IST
জোনাই, ১ মে': ধেমাজি জিলাৰ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিমেনমুখ গাঁও পঞ্চায়তৰ লামাবৰগঁড়া গাঁৱৰ এগৰাকী ৩৪ বছৰীয়া মহিলা বিগত পাঁচদিনে নিৰুদ্দেশ হৈ থকাত চিন্তিত হৈছে পৰিয়ালৰ লোকসকল । বুদ্ধেশ্বৰ দলেৰ পত্নী যোৱা ২৫ এপ্ৰিলত মাতৃৰ ঘৰলৈ বুলি দুপৰীয়া ১২ বজাত লামাবৰগঁড়া গাঁৱৰ ঘৰৰ পৰা ওলাই যায় যদিও পাঁচদিনে সন্ধানহীন হৈ আছে মহিলাগৰাকী ৷
মহিলাগৰাকীৰ স্বামী অৰুণাচল প্ৰদেশৰ পাছিঘাটত এজন গাড়ী চালক হিচাপে বহু বছৰ ধৰি কাম কৰি আহিছে । হঠাৎ পত্নীৰ নিৰুদ্দেশৰ খবৰ পাই কালি পাছিঘাটৰ পৰা ঘৰলৈ আহি মহিলাগৰাকীৰ বিচাৰ-খোচাৰ কৰে যদিও কোনো সন্ধান লাভ কৰিব পৰা নাই ।
স্বামীয়ে বহু ঠাইত বিচাৰ খোচাৰ কৰিছে যদিও কোনো সন্ধান লাভ নকৰাত মঙলবাৰে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । পাঁচদিনে ঘৰলৈ উভতি নহা দেখি আৱেগিক হৈ পুত্ৰ-কন্য়াই কান্দি কান্দি মাতৃক ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে ।