জালনোটসহ আটক বঙালমৰাৰ মহিলা : নকল 500 টকীয়া নোটৰ বহুলাখ টকা জব্দ - Fake Indian currency note

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 10:45 PM IST

thumbnail
জালনোটসহ আটক বঙালমৰাৰ মহিলা (ETV Bharat Assam)

বিশ্বনাথ, 26 জুন: ৰাজ্যৰ উত্তৰ অসমত এতিয়াও উৎখাত  হোৱা নাই জালনোটৰ বেহা ৷ পূৰ্বৰে পৰা লখিমপুৰৰ বিভিন্ন এলেকাত চলি আহিছিল নকল সোণ আৰু জালনোটৰ ৰমৰমীয়া বেহা ৷

বুধবাৰে বিশ্বনাথ জিলাৰ বিহালীৰ জিনজিয়া আৰক্ষীয়ে জালনোট সৰবৰাহকাৰী মহিলাৰ সৈতে বৃহৎ পৰিমাণৰ জালনোট জব্দ কৰে ৷ জানিব পৰা মতে বিশ্বনাথ চাৰিআলিৰ পৰা লখিমপুৰ অভিমুখী ‘অনামিকা’ নামৰ বাছখনেৰে সৰবৰাহ কৰি থকা হৈছিল সৰ্বমুঠ ৩ লাখ ৫০ হাজাৰ ৫ শ টকাৰ জালনোট ৷ লখিমপুৰ জিলাৰ বঙালমৰাৰ মিনাৰা বেগম নামৰ মহিলাগৰাকীয়ে জালনোটখিনি বেগত ভৰাই লৈ গৈ থকাৰ অৱস্থাত জিনজিয়া আৰক্ষীয়ে বাছখনৰ পৰা মহিলাগৰাকীক আটক কৰিছে ৷

ধৃত মিনাৰা বেগমৰ ঘৰ লখিমপুৰ জিলাৰ বঙালমৰাৰ ২ নং ইছলামপুৰত ৷ জব্দ কৰা জালনোটসমূহ ৫০০ টকীয়া নোটৰ । ঘটনাৰ সন্দৰ্ভত জিনজিয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: 50 লাখ টকাৰ জালনোটসহ আৰক্ষীৰ জালত হিৰামূল-নজৰুল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.