আত্মৰক্ষা ! ধৰ্ষণকাৰীৰ গুপ্তাংগ কাটিলে ভুক্তভোগীয়ে - WOMAN CUTS OFF GENITALS OF MAN

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 12:03 PM IST

thumbnail

দৰং, 6 এপ্ৰিল: ধৰ্ষণৰ অভিযোগত অভিযুক্ত পুৰুষৰ গুপ্তাংগ ছেদ কৰি এগৰাকী মহিলাৰ আত্মসমৰ্পণ ধূলা আৰক্ষী থানাত ৷ জানিব পৰা মতে, বৃহস্পতিবাৰৰ নিশা দৰঙৰ ধূলা থানাৰ অন্তৰ্গত এন চি খাৰুপেটীয়াত সংঘটিত হয় এক নিৰ্লজ্জ ঘটনা । তথ্য অনুসৰি, এন চি খাৰুপেটীয়া গাঁৱৰ ইন্তাজ আলী নামৰ লোকজনে প্ৰায় তিনি বছৰ ধৰি বিভিন্ন ধৰণৰ অশ্লীল ইংগিত ওচৰৰ এগৰাকী মহিলাক দি অহা বুলি স্থানীয় লোকে অভিযোগ তুলিছে । 

অশ্লীল ইংগিততে ক্ষান্ত নাথাকি অৱশেষত 4 এপ্ৰিলৰ দিনা অভিযুক্ত ইন্তাজ আলীয়ে মহিলাগৰাকীৰ স্বামী নথকাৰ সুযোগ লৈ নিশা ঘৰত প্ৰৱেশ কৰি ধৰ্ষণৰ অপচেষ্টা চলায় । সেই সময়তে নিজকে ৰক্ষা কৰাৰ বাবে ব্লেডেৰে ইন্তাজ আলীৰ গুপ্তাংগত আঘাত কৰে মহিলাগৰাকীয়ে আৰু ধূলা আৰক্ষী থানাত আত্মসমৰ্পণ কৰে । 

ইতিমধ্যে ভুক্তভোগীৰ পুত্ৰই ধূলা আৰক্ষী থানাত ইন্তাজ আলীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়ক: পুত্ৰই পলুৱাই আনিলে ছোৱালী; যুৱকৰ মাতৃক ৰাজপথত অৰ্ধনগ্ন কৰিলে যুৱতীৰ পৰিয়ালে - Sexual assault

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.