thumbnail

কলিয়াবৰৰ জনাঞ্চলত বানত উটি অহা বন্যহস্তীৰ অৱস্থান - ASSAM FLOOD 2024

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 9:24 PM IST

কলিয়াবৰ, ১৫ জুলাই: কলিয়াবৰৰ চুলুং অঞ্চলত তিনিটা পোৱালীসহ ৬জনীয়া বন্যহস্তীয়ে বিচৰণ কৰিছে । ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা নদীৰে সাঁতুৰি আহিছে বন্যহস্তীৰ জাকটো । পুৱাই হাতীৰ জাকটো প্ৰত্যক্ষ কৰি আতংকিত হৈ পৰে চুলুং-দলাপানী অঞ্চলৰ বাসিন্দা । বিশেষকৈ হাতীৰ পোৱালিকেইটাক লৈ বিশেষভাৱে শংকিত হৈ পৰিছে স্থানীয় লোকসকল । কিয়নো, হাতীৰ পোৱালিয়ে মানুহৰ কাষলৈ সততে যাবলৈ চেষ্টা কৰে আৰু পোৱালিকেইটাক সুৰক্ষা দিবলৈ জ্যেষ্ঠ হাতীকেইটাই চেষ্টা চলালেই ভয়ানক পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে ।

স্থানীয় লোকে এই সন্দৰ্ভত পৰৱৰ্তী সময়ত বন বিভাগক খবৰ দিয়াত বনবিভাগৰ লোকে জাকটো লাওখোৱা অভয়াৰণ্যৰ দিশে খেদিবলৈ চেষ্টা চলায় । হাতীৰ জাকটো ভূৰবন্ধাৰ নৈপৰীয়া অঞ্চলৰ মৰাপাট খেতিত অৱস্থান গ্ৰহণ কৰাত শংকিত হৈ পৰিছে সেই স্থানৰ বাসিন্দাসকল । আনহাতে, সোণাৰী-কামাখ্যা গাঁৱতো দুটা বনৰীয়া হাতীয়ে অৱস্থান গ্ৰহণ কৰিছে । গাঁৱৰ বাঁহনিত দুয়োটা হাতীয়ে অৱস্থান লৈ থকাত চিন্তিত ৰাইজ ।

উল্লেখ্য যে, কলিয়াবৰৰ শিলঘাট অঞ্চলৰ লগতে সোণাৰী-কামাখ্যা গাঁৱৰ কাষৰীয়া চাহ বাগিচা আৰু পাহাৰত তিনিটাকৈ ঢেকীয়াপতীয়াৰ অৱস্থিতিৰ কথা বন বিভাগে অৱগত কৰিছে । বাঘৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তে চুলুং অঞ্চলত বনৰীয়া হাতীৰ অৱস্থান পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: চিলাপথাৰত বন্যহস্তীৰ ত্ৰাস: হাতী জাকে ভাঙিলে আপোন পঁজাটি - Man Elephant conflict

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.