মাজুলীত বনৰীয়া হাতীৰ আতংক : ভাঙি তচনচ কৰিলে বাসগৃহৰ লগতে গোহালি - Man Elephant conflict

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 7:06 AM IST

thumbnail
মাজুলীৰ টিকিৰাই চাপৰিত বনৰীয়া হাতীৰ আতংক (ETV Bharat Assam)

মাজুলী, 17 আগষ্ট: ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ ত্ৰাস । সমান্তৰালভাৱে সত্ৰ নগৰী মাজুলীতো বনৰীয়া হাতীৰ ত্ৰাস পৰিলক্ষিত হৈছে । মাজুলীৰ টিকিৰাই চাপৰিত বনৰীয়া হাতীৰ আতংকত ভুগিছে সাধাৰণ লোক । জানিব পৰা মতে, প্ৰায় 150 ৰো অধিক হাতীয়ে টিঘিলঘিলাই আছে জিলাখনৰ টিকিৰাই চাপৰিত । 150 জনীয়া হাতীৰ জাকটোৰ বাবেই পোহনীয়া জীৱ-জন্তুৰ লগতে খেতি চাপৰিতে এৰি গাঁৱলৈ ঢাপলি মেলিছে স্থানীয় লোকসকলে ।

স্থানীয় লোকে জনোৱা অনুসৰি হাতীৰ এই বৃহৎ জাকটোৱে অৰ্ধ শতাধিক গৰুৰ গোহালি আৰু ঘৰৰ বিস্তৰ ক্ষতিসাধন কৰিছে । আনকি বহু গৰু মৃত্যুমুখত পৰিছে বুলিও জানিব পৰা গৈছে । 

অৱশ্যে বৰ্তমান পৰ্যন্ত এই সন্দৰ্ভত সংশ্লিষ্ট বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি সংবাদ মাধ্যমৰ আগত আক্ষেপেৰে জনায় ভুক্তভোগী লোকে ৷ 

লগতে পঢ়ক: সেনা ছাউনিৰ কৃত্ৰিম বানত ককবকাইছে আমচাঙৰ বন্যহস্তীয়ে - Guwahati Flash Flood

লখিমপুৰত বন্যহস্তীৰ আক্রমণত এজনৰ মৃত্যু - WILD ELEPHANT MENACE

চিলাপথাৰত বন্যহস্তীৰ ত্ৰাস: হাতী জাকে ভাঙিলে আপোন পঁজাটি - Man Elephant conflict

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.