চিলাপথাৰত বন্যহস্তীৰ ত্ৰাস: হাতী জাকে ভাঙিলে আপোন পঁজাটি - Man Elephant conflict

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 12:57 PM IST

thumbnail
হাতীৰ ত্ৰাস (ETV Bharat Assam)

জোনাই, ১১ জুলাই : ৰাজ্যৰ চৌদিশে বানে লৈছে ভয়াৱহ ৰূপ । ব্ৰহ্মপুত্ৰৰ নদী গৰাখহনীয়াৰ কবলত পৰি চিলাপথাৰ কেইবাটাও ঘৰ জাহ গৈছে ৷ বানৰ মাজতে চিলাপথাৰ অঞ্চলৰ ঐতিহাসিক সোণাৰিঘাটত বনৰীয়া হাতী জাকে চলাইছে তাণ্ডৱ ।

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা চাৰিটাকৈ বনৰীয়া হাতী জাকে সোণাৰিঘাট আৰু মেধীপমুৱা গাঁৱত প্ৰৱেশ কৰি বিস্তৰ ক্ষতিসাধন কৰিছে ৷ খেতি কৰা বাৰীখনৰ পৰা আদি কৰি আপোন ঘৰখন সকলো নষ্ট কৰিছে হাতীৰ জাকটোৱে ৷

এফালে বান আৰু আনফালে হাতীৰ ত্ৰাসৰ ফলত ভয় আৰু শংকাৰ মাজত দিন পাৰ কৰিছে অঞ্চলটোৰ ৰাইজে ৷ সেয়ে অঞ্চলটোৰ ৰাইজৰ সুৰক্ষা দিয়াৰ বাবে বিভাগীয় মন্ত্ৰী, স্থানীয় বিধায়ক ভূৱন পেগু, MAC ৰ GM প্ৰতাপ চন্দ্ৰ টায়েৰ লগতে বন বিভাগক দাবী জনাইছে ভুক্তভোগী ৰাইজে ।

লগতে পঢ়ক : চিৰাঙত বন্যহস্তীয়ে ভাঙিলে কেইবাটাও পৰিয়ালৰ ঘৰ - Man Elephant conflict

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.