কাজিৰঙাৰ কাষৰীয়া অঞ্চলত বন্যহস্তীৰ তাণ্ডৱ - Man Elephant Conflict - MAN ELEPHANT CONFLICT

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : May 7, 2024, 10:01 PM IST

কাজিৰঙা,৭ মে': কাজিৰঙা বা ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলসমূহত বন্য জীৱ-জন্তুৰ মুক্ত বিচৰণ কোনো নতুন কথা নহয় । বন্যহস্তীৰ উপদ্ৰৱত ত্ৰাহি মধুসূদন সুঁৱৰিছে এটা বিস্তীৰ্ণ অঞ্চলৰ ৰাইজে । পুনৰ বন্যহস্তীৰ উপদ্ৰৱে বিপাঙত পেলাইছে কেইজনমান উদ্যমী যুৱ-কৃষকক । সোমবাৰে নিশা অহা এটা বন্যহস্তীৰ জাকে তহিলং কৰিলে কেইজনমান উদ্যমী যুৱ-কৃষকে ৩২ বিঘা ভূমিত সমবায়ভিত্তিত কৰা ৰঙলাও খেতি । যাৰ পৰিপ্ৰেক্ষিতত মূৰে-কঁপালে হাত দিছে যুৱ-কৃষক কেইগৰাকীয়ে ।  

হাহাকাৰ পৰিস্থিত সন্মুখীন হোৱা ক্ষতিগ্ৰস্ত কৃষক কেইগৰাকীয়ে উপায়ন্তৰ হৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক ক্ষতিপূৰণ দিবলৈ আহ্বান জনায় । উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰতিবছৰে ওলাই আহে বিভিন্ন বন্যপ্ৰাণী ৷ বনবিভাগে পাৱাৰ ফ্ৰেঞ্চিঙৰ ব্যৱস্থা কৰিছে যদিও বেছিভাগ এলেকাত সেয়া বিকল ৷ ফলত প্ৰায়ে বন্যপ্ৰাণীয়ে উপদ্ৰৱ চলায় ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া গাঁওসমূহত ৷

লগতে পঢ়ক: শোণিতপুৰত হাতী-মানুহৰ সংঘাতত ৫বছৰত ৩০ জন লোকৰ মৃত্যু - Man Elephant Conflict

বন্যহস্তীৰ আক্ৰমণত মৃত্যু ঘটা 3 মৃতকৰ পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা অসম চৰকাৰৰ - Men Elephant Conflict

শোণিতপুৰত বন্যহস্তীৰ আক্ৰমণত দুই বনকৰ্মীসহ ৩ জনৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত - Human Elephant Conflic

উৰণ সেতুৰ নিৰ্মাণে বন্ধ কৰিলে হস্তী কৰিডৰ, বনৰীয়া হাতীৰ আক্ৰমণত আহত 70 বছৰীয়া মহিলা - Man Elephant Conflict

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.