মনোমোহা : শিংৰাৰ শালনিৰ মাজত বনৰীয়া হাতীৰ জলকেলি - Wild Elephant

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 9:56 PM IST

thumbnail
বনৰীয়া হাতীৰ জলকেলি (ETV BHARAT ASSAM)

বকো, 22 জুন : এফালে হাতী-মানুহৰ সংঘাত, আনফালে উন্নয়নৰ অজুহাতত গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখী 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষৰ বিস্তৰ অঞ্চলত বন ধ্বংসযজ্ঞ অব্যাহত ৷ বন্যহস্তীৰ বিচৰণভূমি এই অঞ্চলৰ বহু এলেকাত কাটি পেলোৱা হৈছে হাজাৰ হাজাৰ শাল গছ ৷  

মানৱ কুলে শালনিবোৰ ক্ৰমাৎ ধ্বংস কৰি আনিলেও তাৰ মোহ এৰিব পৰা নাই হস্তীকুলে ৷ ইয়াৰ মাজতেই এই অঞ্চলত আজি দেখা গ’ল এক মনোমোহা দৃশ্য ৷ বকোৰ শিংৰাত দেখা গ’ল এজাক বনৰীয়া হাতীৰ জলকেলি ৷  

বনৰীয়া হাতীৰ জাকটোৰ এই জলকেলিৰ দৃশ্য আৱদ্ধ হয় কেমেৰাত ৷ শিংৰাৰ শালনিৰ মাজত থকা খালত গা-ধুই বহু সময় অতিবাহিত কৰে হাতীৰ জাকটোৱে ৷ জাকটোত প্ৰায় কুৰিটা হাতী পৰিলক্ষিত হয় ৷ বহুসময় জলকেলি কৰাৰ পিচত হাতীৰ জাকটো 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি বনাঞ্চলত প্ৰৱেশ কৰে ৷

লগতে পঢ়ক : তিনিচুকীয়াৰ ব্ৰহ্মজানত বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু - Wild Elephant Death

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.