thumbnail

দীৰ্ঘসময় ধৰি চটফটাই ধাননিৰ মাজত মৃত্যুক সাৱটিলে গজৰাজে

By ETV Bharat Assamese Team

Published : 1 minutes ago

কাজিৰঙা, 7 অক্টোবৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীৰ জনাঞ্চলত মৃত্যু ৷ বিগত কিছুদিন ধৰি এটা প্ৰকাণ্ড দঁতাল হাতী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কাষৰীয়া জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই আহে ৷ যোৱা নিশাও উদ্যানৰ বাগৰি বনাঞ্চলৰ কাষৰীয়া দেওপানী অঞ্চললৈ ওলাই আহিছিল বন্যহস্তীটো ৷ হাতীটো ওলাই অহাৰ কথা জানিব পাৰি ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হোৱাৰ সময়ত বনকৰ্মীৰ গাড়ীলৈ বুলি চোঁচা লয় দঁতালটোৱে ৷ লগে-লগে বনকৰ্মীৰ দলে শূন্যলৈ গুলীচালনা কৰি হাতীটো আঁতৰাই পঠিয়ায় ৷ ইয়াৰ পাছতে সোমবাৰে পুৱাৰ ভাগত বন্যহস্তীটো দেওপানীৰ এখন খেতি পথাৰৰ মাজত চটফটাই পৰি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে ৷ প্ৰথম অৱস্থাত নিশা বনকৰ্মীয়ে ফুটুৱা গুলীত বন্যহস্তীটো আঘাতপ্ৰাপ্ত হোৱাৰ সন্দেহ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰৰ পশু চিকিৎসকৰ দলে হাতীটো গুলীবিদ্ধ হোৱা নাই বুলি মত প্ৰকাশ কৰি যন্ত্ৰণাকাতৰ হাতীটোৰ চিকিৎসা আৰম্ভ কৰে ৷ চিকিৎসকে জানিবলৈ দিয়া মতে, প্ৰাপ্তবয়স্ক হাতীটো যথেষ্ট দুৰ্বল হোৱাৰ বাবেই অসুস্থ হৈ পৰে ৷ কিন্তু বিয়লিৰ ভাগলৈ স্বাস্থ্যৰ অধিক অৱনতি ঘটি হাতীটোৱে মৃত্যুক সাৱটি লয় ৷

লগতে পঢ়ক: বন্যহস্তীৰ উপদ্ৰৱ: আতচবাজী ফুটাই দায়িত্ব সামৰিছে বন বিভাগে - WILD ELEPHANT MENACE

চামগুৰি-কলিয়াবৰত বন্যহস্তীৰ উপদ্ৰৱত বিনীদ্ৰ ৰজনী কটাইছে ৰাইজে - WILD ELEPHANT MENACE

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.