বঢ়মপুৰত বন্যহস্তীৰ উপদ্ৰৱত শংকিত সাধাৰণ জনতা - Wild Elephant Menace - WILD ELEPHANT MENACE

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 3:56 PM IST

বঢ়মপুৰ, ১২ জুন: বন্যহস্তীয়ে নিদ্ৰা হৰিছে সৰ্বসাধাৰণ ৰাইজৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে নগাঁৱৰ বঢ়মপুৰত বন্যহস্তীৰ ত্ৰাসত কম্পিত কৃষক ৰাইজ । বঢ়মপুৰৰ ১নং ঘোগৰ গাঁৱত বিগত কেইবাদিনো ধৰি ৪০/৫০ জনীয়া হাতীৰ এটা জাকৰ মুক্ত বিচৰণত শংকিত ৰাইজ । কৃষকে কৃষিকাৰ্য আৰম্ভ নকৰোতেই কৃষিভূমিৰ সমীপত বন্যহস্তীৰ অৱস্থানে কৃষক ৰাইজৰ মনত ঘনীভূত কৰিছে ঘোৰ শংকা । এতিয়া যেন তেনে এই পৰিস্থিতিৰে সূচনা হৈছে নগাঁও জিলাৰ বঢ়মপুৰৰ ১নং ঘোগৰ গাঁৱত ।  

গাঁওখনৰ সমীপৰে এখন বৃহৎ ঝাৰণিত অৱস্থান গ্ৰহণ কৰিছে বন্যহস্তীৰ ডাঙৰ জাকটোৱে । বহুকেইটা পোৱলিসহ বন্যহস্তীৰ জাকটো প্ৰত্যক্ষ কৰি শংকিত হৈ পৰিছে গাঁৱখনৰ ৰাইজ । কৃষিকাৰ্য আৰম্ভ কৰিবলৈ লোৱাৰ প্ৰাকমূহুৰ্তত হাতীৰ জাকটো দেখি শংকিত স্থানীয় কৃষক সকলো । বন বিভাগক শীঘ্ৰেই ঝাৰণিখনৰ পৰা হাতীৰ জাকটো খেদি পঠিয়াবলৈ আহ্বান শংকিত কৃষক ৰাইজৰ । 

লগতে পঢ়ক: কলিয়াবৰত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ

নলবাৰীত বন্যহস্তীয়ে ভাঙিলে অকলশৰীয়া বৃদ্ধাৰ বাসগৃহ

নুমলীগড়ৰ 39 নং ৰাষ্ট্রীয় ঘাইপথ বন্যহস্তীৰ জাক; আতংকিত পথচাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.