স্বামীক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা পত্নীৰ - Wife tries to kill husband

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 8:04 PM IST

thumbnail
স্বামীক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা পত্নীৰ (ETV BHARAT ASSAM)

শিলচৰ, ২৪ জুন: পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি । শিলচৰ আশ্ৰম ৰোডত স্বামীক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলালে পত্নীয়ে । প্ৰতিবেশীৰ তৎপৰতাত কথমপি প্ৰাণৰক্ষা পৰে স্বামীৰ । দীৰ্ঘদিনৰ পৰা স্বামী-স্ত্ৰীৰ মাজত চলি অহা বাদ-বিবাদৰ ভয়ংকৰ ফলস্বৰূপে সোমবাৰে বন্ধ কোঠালিৰ ভিতৰত স্বামীক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰে পত্নীয়ে ৷

লগতে পঢ়ক: দ্বিতীয় বিবাহ কৰিলে স্বামীয়ে, দাৰে ডিঙি কাটিলে প্ৰথমা পত্নীয়ে !

বিট্টু দাস আৰু মৌচুমী দাস নামৰ হাইলাকান্দি লালাৰ এই দম্পতীটো শিলচৰ আশ্ৰম ৰোডৰ এক ভাড়াঘৰত থাকে । পুৱাৰ ভাগত স্বামী-স্ত্ৰীৰ মাজত কাজিয়া চলি থকাৰ সময়ত হঠাৎ ঘৰৰ দৰ্জা বন্ধ কৰি স্বামীক দাৰে আক্ৰমণ চলাই হত্যাৰ চেষ্টা কৰে পত্নীয়ে । স্বামী বিট্টু দাসৰ চিঞৰ-বাখৰ শুনি আগবাঢ়ি আহে প্ৰতিবেশী । 

প্ৰতিবেশীসকলে ঘৰৰ দৰ্জা ভাঙি বিট্টু দাসক ৰক্ষা কৰাৰ লগতে মৌচুমীক আটক কৰে । ইপিনে ঘটনাৰ খবৰ লাভ কৰাৰ পাচতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৰক্তাক্ত অৱস্থাত বিট্টু দাসক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ৷ ইফালে অভিযুক্ত পত্নীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক: Man commits suicide: পাৰিবাৰিক কন্দল, বন্দুকেৰে গুলীয়াই আত্মহত্যা স্বামীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.