সাৱধান ! এতিয়া ভুলতো নাযাব কাৰ্বি আংলঙৰ কাইফলাংচ' জলপ্ৰপাত চাবলৈ - Kaipholangso Waterfall

By ETV Bharat Assamese Team

Published : May 29, 2024, 10:33 PM IST

thumbnail
কাৰ্বি আংলঙৰ কাইফলাংচ' জলপ্ৰপাত (ETV Bharat Assam)

গোলাঘাট, 29 মে’: এক নৈসৰ্গিক পৰিৱেশৰ মাজত অৱস্থিত কাইফলাংচ’ জলপ্ৰপাত ৷ বোকাখাত মহকুমাৰ সমীপৰ গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ সীমান্তত অৱস্থিত কাইফলাংচ' জলপ্ৰপাত ।

কিন্তু পৰ্যটকৰ বিশেষ আকৰ্ষণ কাইফলাংচ’ এতিয়া নিৰাপদ নহয় । কাইফলাংচ’ত এতিয়া জল বিস্ফোৰণ ৷ ৰেমলৰ প্ৰভাৱত পাহাৰত হোৱা ধাৰাসাৰ বৃষ্টিপাতৰ ফলত কাইফলাংচ’ত এতিয়া জলপ্ৰলয় ৷ শতাধিক মিটাৰ ওপৰৰ পৰা নামি আহিছে তীব্ৰবেগী জলধাৰ ৷ প্লাৱনৰ সৃষ্টি কৰিছে কাকজান নৈত ।

প্লাৱিত কৰিছে বোকাখাতৰ উত্তৰৰ কাৰ্বি-আংলং উপত্যকা । ৰুষ্ট হৈছে প্ৰকৃতি । তাৰেই প্ৰতিফলন ঘটিছে কাইফলাংচ'ত  । স্থানীয় লোকৰ মতে জলপ্ৰপাতটোৰ এনে ৰূদ্ৰ ৰূপ পূৰ্বে দেখা পোৱা নাছিল । গতিকে এতিয়া এই জলপ্ৰপাতটোলৈ যোৱাৰ পৰা বিৰত থাকবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: কালিয়নী আৰু দৈগ্ৰোঙৰ ভয়ংকৰ ৰূপ : জন-জীৱনলৈ ভাবুকি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.