ভোটদানৰ শেষ মুহূৰ্তত বতৰে দিলে বিধি-পথালি: মোবাইলৰ পোহৰত ভোটদান - Lok Sabha elections 2024 - LOK SABHA ELECTIONS 2024
🎬 Watch Now: Feature Video


Published : Apr 19, 2024, 7:59 PM IST
সৰুপথাৰ, ১৯ এপ্ৰিল: ৰাজ্যৰ ৫টা লোকসভা সমষ্টিৰ লগতে কাজিৰঙা লোকসভা সমষ্টিৰ সৰুপথাৰত আজি পুৱাৰে পৰাই অনুষ্ঠিত হয় ভোটদান প্ৰক্ৰিয়া । সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত সৰুপথাৰ টাউন নিম্ন বুনিয়াদী বিদ্যালয়ত আবেলি ৫ বজালৈকে ভোটাৰে ভিৰ কৰে । বিয়লি অহা এজাক বৰষুণৰ মাজতো ভোটকেন্দ্ৰটোৰ বাহিৰত ছাতি লৈ ভোটাৰে ৰৈ অপেক্ষা কৰে । সৰুপথাৰত মহিলাৰ দ্বাৰা পৰিচালিত সৰুপথাৰ টাউন নিম্ন বুনিয়াদী বিদ্যালয় ভোটকেন্দ্ৰত বৰষুণৰ ফলতে কিছু পলম হয় ভোটদানত । সেয়েহে আবেলি মোবাইলৰ পোহৰত ভোটদান কৰিবলীয়া হয় । এই কেন্দ্ৰটোত পুৱা আধাঘন্টা পলমকৈ আৰম্ভ হৈছিল ভোটদান প্ৰক্ৰিয়া ।
কাজিৰঙা লোকসভা সমষ্টিৰ ধনশিৰি নিৰ্বাচনী জিলাত মুঠ ভোটাৰৰ সংখ্যা ১৯৩৯৬১ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ ৯,৭২৯১ জন আৰু মহিলা ভোটাৰৰ সংখ্যা ৯৬,৬৬৭ গৰাকী । তৃতীয় লিংগ ভোটাৰ ৩ জন ।
লগতে পঢ়ক:মণিপুৰৰ ভোটগ্ৰহণ কেন্দ্ৰত গুলীচালনা : অপ্ৰীতিকৰ পৰিস্থিতি - Lok Sabha Election 2024