গুৱাহাটীৰ বিশ্বকৰ্মা মন্দিৰত ভক্তৰ ভিৰ; জখলাবন্ধাত অসমীয়া সাজত বিশ্ব খনিকৰৰ প্ৰতিমা - Vishwakarma Puja 2024

By ETV Bharat Assamese Team

Published : Sep 17, 2024, 3:18 PM IST

thumbnail
গুৱাহাটীৰ বিশ্বকৰ্মা মন্দিৰত ভক্তৰ ভিৰ (ETV Bharat)

গুৱাহাটী/কলিয়াবৰ, ১৭ ছেপ্টেম্বৰ : আজি বিশ্বকৰ্মা পূজা । দেশজুৰি বিশ্ব খনিকৰক আৰাধনা কৰিছে ভক্তসকলে । অসমৰো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বিশ্বকৰ্মা পূজাৰ আয়োজন কৰিছে । গুৱাহাটীৰ কামাখ্যা গেটত থকা ঐতিহাসিক বিশ্বকৰ্মা মন্দিৰত পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তই ভিৰ কৰিছে । ভক্তসকলে চাকি-ধূপ জ্বলাই বিশ্ব খনিকৰৰ আশিস গ্ৰহণ কৰিছে । উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো বিশ্বকৰ্মা মন্দিৰ হিচাপে গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে বিশ্বকৰ্মা পূজা উপলক্ষে মন্দিৰত ভিৰ কৰিছে ।

কলিয়াবৰতো একে পৰিৱেশ দেখা গ'ল । কলিয়াবৰৰ অগ্নি আৰু আপতকালীন বিভাগৰ কাৰ্যালয়ত জোৱানসকলে বিশ্বকৰ্মা পূজাৰ আয়োজন কৰিছে । যাক লৈ কাৰ্যালয়টোত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । অগ্নি নিৰ্বাপনৰ বাহনসমূহ বিভিন্ন প্ৰকাৰৰ মালাৰে সজাই তোলা হৈছে । ইফালে জখলাবন্ধাত নিভাজ অসমীয়া সাজেৰে সজাই তুলিছে বিশ্বকৰ্মাৰ প্ৰতিমা । একাংশ শিক্ষিত যুৱকৰ প্ৰচেষ্টাত গঢ়ি উঠা নমোবুদ্ধ ট্ৰেভেলছৰ পূজাত দেখা গ'ল এই ব্যতিক্ৰমী প্ৰতিমা । জখলাবন্ধাস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ আস্থান চৌহদত আয়োজন কৰা হয় এই পূজাৰ ।

লগতে পঢ়ক: অসমতে থকা উত্তৰ-পূবৰ একমাত্ৰ বিশ্বকৰ্মাৰ মন্দিৰটোৰ বিষয়ে জানেনে ? - Vishwakarma Puja 2024

থলুৱা মৃৎশিল্পীৰ মুখত নাই উৎসাহ ! সমাদৰ কমিছে কেঁচা মাটিৰ মূৰ্তিৰ - Vishwakarma Puja 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.