বানৰ পৰা পৰিত্ৰাণৰ বাবে জলপূজা পাঁচখন গাঁৱৰ বাসিন্দাৰ - Assam flood 2024 - ASSAM FLOOD 2024

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 5:04 PM IST

ছিপাঝাৰ, 16 জুলাই : ছিপাঝাৰত বানৰ পৰা পৰিত্ৰাণৰ বাবে জলপূজা নৈপৰীয়া ৫ খন গাঁৱৰ ৰাইজৰ । স্থানীয় ঢোকাপাৰা আৰু দুৱৰীপাৰাৰ ননৈ নদীৰ পাৰত ৫ খনকৈ গাঁৱৰ ৰাইজে মিলি সমূহীয়াকৈ আয়োজন কৰে পূজা-অৰ্চনাৰ । অঞ্চলটোৰ দুৱৰীপাৰা, নিচুপাৰা, কুমাৰপাৰা, নগৰা আৰু দুৱৰাপাৰা এই গাঁওকেইখন বহুদিনৰ পৰা ভুগি আহিছে বানৰ সমস্যাত ।

উক্ত পাচঁখন গাঁৱত ননৈ নদীয়ে একেটা অঞ্চলতে বাৰে বাৰে চিঙে মথাউৰি । ফলত প্ৰতিবছৰে আহে বান । উপায়ন্তৰ ৰাইজে বানৰ পৰা পৰিত্ৰাণ বিছাৰি শৰণাপন্ন হ’ল জল দেৱতাৰ । জলদেৱতাক সন্তুষ্ট কৰি জল প্ৰলয়ৰ পৰা পৰিত্ৰাণৰ প্ৰয়াস বানপীড়িতসকলৰ । ৰাইজে সকলোৰে সহযোগিতাত হাঁহ ,পাৰ ,কণী আদিৰ লগতে মাহ-প্ৰসাদেৰে জলদেৱতাক পূজা-অৰ্চনা কৰে ।

ৰাইজে উল্লেখ কৰা অনুসৰি চৰকাৰৰ ফালৰ পৰা কিছু সুবিধা লাভ কৰে যদিও সেইসমূহৰ পৰা একো সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

লগতে পঢ়ক : মাত্ৰ এজাক বৰষুণ; কৃত্ৰিম বানত ককবকাইছে যোৰহাট নগৰৰ ৰাইজে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.