মন্ত্ৰী কেশৱ মহন্তৰ ওচৰত ক্ষমা মাগিলে ঢেকীয়ালবাসীয়ে - Assam Flood 2024 - ASSAM FLOOD 2024
🎬 Watch Now: Feature Video
Published : Jul 15, 2024, 10:56 PM IST
কলিয়াবৰ, ১৫ জুলাই : বানৰ কবলত পৰি আশ্ৰয় শিবিৰত থকা ঢেকীয়াল গাঁৱৰ একাংশ বন্যাৰ্তই বিগত ৩ জুলাইত জখলাবন্ধাত ঘাইপথ অৱৰোধ কৰাৰ লগতে ক্ষোভত মন্ত্ৰী কেশৱ মহন্তক অপদস্থ কৰিছিল । কলিয়াবৰত উদ্ভৱ হোৱা বান পৰিস্থিতি আৰু সময়মতে বান সাহায্য নোপোৱাৰ বাবে মন্ত্ৰী কেশৱ মহন্তক দোষী সাব্যস্ত কৰি ৰাজহুৱাকৈ অপমান কৰিছিল ঢেকীয়াল গাঁৱৰ একাংশ ৰাইজে । অৱশেষত সোমবাৰে নিজৰ ভুল স্বীকাৰ কৰি মন্ত্ৰী কেশৱ মহন্তৰ ওচৰত ক্ষমা খুজিলে গাঁওখনৰ ৰাইজে ।
একাংশ লোকৰ ৰাজনৈতিক প্ৰৰোচনাত পৰি মন্ত্ৰীগৰাকীক অপদস্থ কৰা বুলি অকপটে স্বীকাৰ গাঁওবাসীৰ । আনহাতে, যিকেইগৰাকী ব্যক্তিৰ নেতৃত্বত এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি কৰি সমগ্ৰ গাঁওবাসীক লজ্জানত কৰিছিল, সেইকেইগৰাকী ব্যক্তিয়েও মন্ত্ৰীগৰাকীৰ ওচৰত ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰে । ইফালে এই উদ্দেশ্যে ঢেকীয়াল গাঁৱৰ ৰাজহুৱা নামঘৰত আয়োজিত এক সভাত উপস্থিত হৈ মন্ত্ৰী কেশৱ মহন্তই উক্ত দিনটোৰ অনাকাংক্ষিত ঘটনাক পাহৰি যাবলৈ গাঁওখনৰ ৰাইজক আহ্বান জনায় ।
উল্লেখ্য যে ২ জুলাইৰ পুৱাতে হাতীমূৰা মথাউৰি ছিগি অঞ্চলটোত বান পৰিস্থিতিৰ উদ্ভৱ হৈছিল । যাৰ ফলত নিজৰ ঘৰ-দুৱাৰ এৰি ঢেকীয়াল গাঁৱৰ বাসিন্দাসকলে জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আৰু কলিয়াবৰ প্ৰেছ ক্লাবৰ চৌহদত আশ্ৰয় লৈছিল । কিন্তু কলিয়াবৰ মহকুমা প্ৰশাসনৰ অকৰ্মণ্যতাৰ বাবে ৩ জুলাইৰ দিনা ২৪ ঘণ্টা উকলি যোৱাৰ পাচতো প্ৰশাসনে পানী এটোপালো যোগান ধৰা নাছিল ।
আনহাতে, প্ৰশাসনৰ এই নিষ্ক্ৰিয়তাৰ সুযোগ লৈ ৰাজনৈতিক ষড়যন্ত্ৰৰে একাংশই বানাক্ৰান্তক উচটনি দিয়াৰ ফলতেই এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয় বুলি এটা পক্ষই দাবী কৰে ।