পথ নিৰ্মাণত ব্যৱহৃত বাহনে প্ৰাণ ল'লে যুৱকৰ - Accident in Teok
🎬 Watch Now: Feature Video
টীয়ক,২৭ এপ্ৰিল: টীয়কৰ কাকজানত আজি সংঘটিত হয় এক শোকাবহ ঘটনা । চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কামত ব্যৱহৃত এখন বাহনে মহতিয়াই নিলে এজন যুৱকক, ফলত থিতাতে নিহত হয় যুৱকজন । যুৱকজনৰ নাম নাচিৰ আলী বুলি জানিব পৰা গৈছে । ঘটনাৰ বিৱৰণী অনুসৰি চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ কামত ব্যৱহৃত বাহন এখন পিচলৈ অনাৰ সময়তে নাচিৰক খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা । ঘটনা সংঘটিত হোৱাৰ লগে লগে যুৱকজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে নাচিৰক ।
ইফালে উত্তেজিত ৰাইজে অবৰোধ কৰি ৰাখে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ । চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণৰ লেহেমীয়া গতি তথা পথত কোনো সাংকেতিক চিহ্ন নথকাৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হয় বুলি অভিযোগ কৰে প্ৰতিবাকাৰী ৰাইজে । আনহাতে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ কোনো পঞ্জীয়ন নম্বৰ নাই । পঞ্জীয়ন নম্বৰ নথকাকৈ এইদৰে ঠিকাদাৰী প্ৰতিস্থানে বাহন কামত ব্যৱহাৰ কৰি থকাটোও ৰহস্যজনক বুলি ৰাইজে অভিযোগ উত্থাপন কৰি এইক্ষেত্ৰত এক উচিত তদন্ত বিচাৰি জিলা আয়ুক্ত নহা পৰ্যন্ত পথ অৱৰোধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
লগতে পঢ়ক: শোকত ভাঙি পৰিছে শ্বহীদ নাছিৰ উদ্দিন সৰকাৰৰ পত্নী-সন্তান - CRPF Jawan Nasir Uddin Sarkar