কোকৰাঝাৰত বিজয়ৰ হাঁহি মাৰিলে ইউ পি পি এলৰ জয়ন্ত বসুমতাৰীয়ে - LOK SABHA ELECTION RESULTS 2024

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 10:37 PM IST

thumbnail
ইউ পি পি এলৰ জয়ন্ত বসুমতাৰীৰ জয়লাভ (ETV BHARAT ASSAM)

গুৱাহাটী, 4 জুন : 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিত বিজয়ৰ হাঁহি মাৰিলে ইউ পি পি এল তথা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে ৷ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 4,84,681 টা ভোট ৷ বি পি এফ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীক 51,913 টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে ৷ খাম্ফা বৰগয়াৰীয়ে লাভ কৰিছে 4,32,768 টা ভোট ৷

জয়লাভ কৰাৰ পিচতেই সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জয়ন্ত বসুমতাৰীয়ে ৷ তেওঁ কয় যে, কোকৰাঝাৰ সমষ্টিটো এটা সমন্বয়ৰ সমষ্টি হিচাবে গঢ় দিব লাগিব, তাৰ কাৰণে নিশ্চয়কৈ কৰিবলগীয়া আছে ৷ তেওঁ জয়লাভ কৰাৰ বাবে ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে ৷ সমষ্টিটোৰ যুৱক-যুৱতী বিশেষকৈ মহিলাসকলক কৰ্মমুখী তথা সংস্থাপনৰ বাবে যি পদক্ষেপ ল’ব লাগে সেয়া লোৱা হ’ব বুলি মন্তব্য কৰে জয়ন্ত বসুমতাৰীয়ে ৷ লগতে সংসদত বি টি আৰ চুক্তিৰ দফা ৰূপায়ণ, গৰাখহনীয়া ইত্যাদি সন্দৰ্ভত মাত মাতিব বুলি প্ৰকাশ কৰে তেওঁ ৷

লগতে পঢ়ক : বিধায়কৰ টেগ আঁতৰাই সাংসদ হ’ল পাঁচ জনপ্ৰতিনিধি : উপ-নিৰ্বাচন হ'ব 5 সমষ্টিত - Lok Sabha Election Results 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.