শোণিতপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাবে যুঁজ দিব উপেন ৰাজ নাথে - Independent Candidate in Sonitpur
🎬 Watch Now: Feature Video
Published : Mar 7, 2024, 9:20 PM IST
তেজপুৰ, 7 মাৰ্চ : শোণিতপুৰ লোকসভা সমষ্টিত বিজেপি আৰু আপৰ প্ৰাৰ্থী ঘোষণাৰ পিচতে এইবাৰ এঘৰী যুঁজিবলৈ সাজু হৈছে নিৰ্দলীয় প্ৰাৰ্থী ৷ সমষ্টিটোত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিচাবে আত্মপ্ৰকাশ উপেন ৰাজ নাথৰ ৷ আজি তেজপুৰত এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে তেওঁ ৷
নিৰ্দলীয় প্ৰাৰ্থী হিচাবে অৱৰ্তীৰ্ণ হৈ নিৰ্বাচনত জিকি বলিষ্ঠ ভূমিকা ল’ব বুলি আত্মবিশ্বাসী উপেন ৰাজ নাথ ৷ উল্লেখযোগ্য যে তেওঁ বিগত বিধানসভা নিৰ্বাচনত অজাপৰ প্ৰাৰ্থী হিচাবে বৰচলা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাস্ত হৈছিল ৷ পৰৱৰ্তী সময়ত অজাপ ত্যাগ কৰি উপেন ৰাজ নাথে বিজেপি দলত যোগদান কৰে আৰু কিছুদিন পূৰ্বে বিজেপি দলৰ পৰাও পদত্যাগ কৰে ৷
এইবাৰ তেওঁ শোণিতপুৰক জাকত জিলিকা কৰাৰ মানসৰে সংসদীয় নিৰ্বাচনত যুঁজিব বুলি উল্লেখ কৰে ৷ লগতে শক্তিশালী নিৰ্দলীয় প্ৰাৰ্থীৰূপে লোকসভা নিৰ্বাচনত অৱৰ্তীৰ্ণ হ’বলৈ নিজকে সাজু কৰিছে বুলিও উল্লেখ কৰে উপেন ৰাজ নাথে ৷
লগতে পঢ়ক : কংগ্ৰেছে প্ৰক্ষেপ কৰিলেও বৰপেটাত চিপিআই(এম)ৰ প্ৰাৰ্থী থাকিব: মনোৰঞ্জন তালুকদাৰ