কেন্দ্ৰীয় আঁচনিৰ কামকাজৰ বুজ ল’বলৈ মৰিগাঁৱত কেন্দ্ৰীয় মন্ত্ৰী সাবিত্ৰী ঠাকুৰ - Savitri Thakur visits in Morigaon - SAVITRI THAKUR VISITS IN MORIGAON
🎬 Watch Now: Feature Video
Published : Aug 22, 2024, 8:56 PM IST
মৰিগাঁও, 22 আগষ্ট : বৃহস্পতিবাৰে মৰিগাঁৱত উপস্থিত হয় কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সাবিত্ৰী ঠাকুৰ ৷ দিনজোৰা কাৰ্যসূচীৰে মৰিগাঁও জিলাত ৰূপায়ণ হোৱা কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ আঁচনিৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ লগতে কেন্দ্ৰীয় মন্ত্ৰী সাবিত্ৰী ঠাকুৰে মৰিগাঁও আৱৰ্ত ভৱনত অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ আৰু বিভাগীয় বিষয়া কৰ্মচাৰীৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকতো অংশগ্ৰহণ কৰে ।
মন্ত্ৰী ঠাকুৰে বিশেষকৈ মৰিগাঁও জিলা সমাজ কল্যাণ বিভাগৰ মায়ং সংহত শিশু উন্নয়ন প্ৰকল্পৰ দুটাকৈ আদৰ্শ অংগনাৱাড়ী কেন্দ্ৰত উপস্থিত হৈ মহিলা আৰু শিশু উন্নয়নৰ দিশবোৰৰ বিষয়ে বুজ লয় । দৰাচলতে কেন্দ্ৰীয় মন্ত্ৰী সাবিত্ৰী ঠাকুৰে মোদী চৰকাৰৰ নেতৃত্বত দেশৰ বিভিন্ন প্ৰান্তত মহিলা আৰু শিশু উন্নয়ন বিভাগে দেশৰ মহিলা আৰু শিশুৰ বাবে বহু উন্নয়নমূলক আঁচনি গ্ৰহণ কৰা বুলি সদৰী কৰে ।
ইফালে অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে কয়, ‘‘যোৱা তিনিটা বছৰত মোদী চৰকাৰে মহিলা আৰু শিশু উন্নয়ন বিভাগত পুজি আবন্টন দিয়াই নহয়, ইয়াৰ সঠিকভাৱে ৰূপায়ণ হৈছে নে নাই তাৰো পৰ্যবেক্ষণ কৰিবলৈ প্ৰতিগৰাকী মন্ত্ৰীক প্ৰতিখন ৰাজ্য লৈ পঠোৱাৰ দিহা কৰিছে ।"