thumbnail

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 1:19 PM IST

ETV Bharat / Videos

হোজাইত বাতিল অমিত শ্বাহৰ জনসভা

হোজাই, ১৪ মাৰ্চ : সমাগত লোকসভা নিৰ্বাচন । ইতিমধ্যে এই নিৰ্বাচনৰ ৰণডংকা বজাইছে শাসনাধিষ্ঠিত বিজেপিয়ে । প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পিছত বৃহস্পতিবাৰে অসম ভ্ৰমণলৈ আহিছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং । আনহাতে, শুকুৰবাৰে অসম ভ্ৰমণলৈ অহাৰ কথা আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।

কিন্তু হোজাইত অনুষ্ঠিত হ'বলগা দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশাল জনসভা বাতিল হৈছে । ১৫ মাৰ্চ, শুকুৰবাৰে হোজাই সদৰ শংকৰদেৱ নগৰত অনুষ্ঠিত হ'বলগা জনসভাত উপস্থিত হোৱাৰ কথা আছিল দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ । কিন্তু দুর্ভাগ্যবশত অমিত শ্বাহৰ এই বিশাল জনসভা বাতিল কৰা হৈছে । এই কথা বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে জনায় হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষে । 

ইতিমধ্যে হোজাই সদৰ শংকৰদেৱ নগৰৰ খেলপথাৰত গৃহমন্ত্ৰীৰ আগমনক লৈ বিশাল জনসভা অনুষ্ঠিত কৰিবৰ বাবে প্ৰস্তুতি তুংগত উঠিছিল । কিন্তু বহু জল্পনা-কল্পনাৰ অন্তত গৃহ মন্ত্ৰীগৰাকীৰ ভ্ৰমণ বাতিলে সকলোকে হতাশ কৰিছে ।

লগতে পঢ়ক :অগপ-ইউপিপিএলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ অসমলৈ আজি আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.