টিহুত চাৰিচকীয়া বাহন বাগৰিল জানত : থিতাতে মৃত্যু দুই যুৱকৰ - Road Accident in Tihu - ROAD ACCIDENT IN TIHU
🎬 Watch Now: Feature Video


Published : Jun 11, 2024, 5:30 PM IST
নলবাৰী, 11 জুন: মঙলবাৰে নলবাৰী জিলাৰ টিহুত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই এখন চাৰিচকীয়া বাহন বাগৰি পৰিল এটা জানত ৷ টিহু চ’ৰাজানত বাহনখন বাগৰি পৰাৰ ফলত দুজন যুৱকৰ কৰুণ মৃত্যু হয় ।
দুৰ্ঘটনাটোৰ ফলত মৃত্যু হোৱা লোক দুজন টিহুৰ ৰাজীৱ শৰ্মা (২৫) আৰু ধনজিৎ শৰ্মা (৩৫) বুলি চিনাক্ত কৰা হৈছে । শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হোৱা চাৰিচকীয়া বাহনখনৰ নং AS 01 FH 8535 ৷
স্থানীয় লোকে জানিবলৈ দিয়া মতে মঙলবাৰে দুপৰীয়াৰ ভাগত চাৰিচকীয়া বাহনখন অধিক তীব্ৰ গতিত গৈ আছিল ৷ ফলত নিয়ন্ত্ৰণ হেৰুৱাই এনেদৰে দুৰ্ঘটনাত পতিত হোৱাৰ শংকা কৰিছে স্থানীয় লোকে ৷ ইফালে দুজনকৈ যুৱকৰ এনে কৰুণ মৃত্যুত সমগ্ৰ টিহুত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ৷
লগতে পঢ়ক: ৰাজ্যৰ দুই পৃথক স্থানত পথ দুৰ্ঘটনা : ৰঙিয়াত মহিলা নিহত