দীৰ্ধদিন ধৰি ত্ৰাস চলাই থকা দুই গভাইত চোৰক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 8:55 PM IST

thumbnail

লখিমপুৰ, 28 ফেব্ৰুৱাৰী : মঙলবাৰে নিশা লখিমপুৰ সদৰ থানাৰ আৰক্ষীয়ে দুটাকৈ গভাইত চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ লগতে আৰক্ষীয়ে চোৰ দুটাই লুকাই থোৱা স্থানৰ পৰা ভালেমান চুৰি সামগ্রী উদ্ধাৰ কৰে ৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি নগৰ এলেকাত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ধৃত চোৰ দুটাই । ধৃত চোৰ দুটা মানৱজ্যোতি ৰয় আৰু বাপুকণ হাজং বুলি জানিব পৰা গৈছে ৷ চোৰ দুটাই দীৰ্ঘদিন ধৰি নগৰ এলেকাত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল । 

চোৰ দুটাই বাইক, পানী তোলা মটৰ, গেছ চিলিণ্ডাৰ আদি বিভিন্ন বস্তু চুৰি কৰি আহিছিল চোৰ দুটাই ৷ আজিৰ পৰা দুদিনৰ পূৰ্বেও নগৰৰ মাজত ৰখাই থোৱা এখন বাইক চুৰি কৰিছিল এই গেংটোৱে । আৰক্ষীয়ে চোৰ দুটাৰ পৰা লুকুৱাই ৰখা এখন গ্লেমাৰ বাইক, দুখন চাইকেল, দুটা গেছ চিলিণ্ডাৰ, পাঁচটা পানী তোলা মটৰ, এটা লেপটপকে ধৰি ভালেখিনি চুৰি সামগ্রী আৰক্ষীয়ে উদ্ধাৰ কৰে । আৰক্ষীয়ে এই গেংটোৰ লগত অধিক চোৰ জড়িত আছে বুলি উল্লেখ কৰে ৷ 

ইতিমধ্যে আৰক্ষীয়ে গেংটোক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান চলাই আছে বুলি জানিবলৈ দিয়ে । এই চোৰ দুটাই পূৰ্বতেও চুৰিৰ অপৰাধত জেইললৈ যাবলগীয়া হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: কাছাৰত কোটি টকাৰ ড্ৰাগছসহ আটক ৩ সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.