50 লাখ টকাৰ জালনোটসহ আৰক্ষীৰ জালত হিৰামূল-নজৰুল - Counterfeit Indian currency note

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 9:32 PM IST

thumbnail
জালনোট জব্দ (ETV Bharat Assam)

গুৱাহাটী, ২৪ জুন: গুৱাহাটী মহানগৰীত পুনৰ বৃহৎ পৰিমাণৰ জালনোট জব্দ কৰিছে আৰক্ষীয়ে । দিছপুৰ আৰক্ষীৰ অভিযানত সোমবাৰে দিনৰ ভাগত বৰবাৰী, ভি আই পি ৰোডত এখন বলেৰ’ বাহনৰ পৰা উদ্ধাৰ হৈছে প্ৰায় 50 লাখ টকাৰ জালনোট । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুজন জালনোট সৰবৰাহকাৰী আটক কৰাৰ লগতে জব্দ কৰিছে AS 12 CC 0399 নম্বৰৰ বলেৰ’ বাহনখন । আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰী দুটা হৈছে লখিমপুৰৰ হিৰামূল ইছলাম আৰু নজৰুল ইছলাম ।

জানিব পৰা মতে, জালনোট ব্যৱসায়ী দুগৰাকীয়ে বলেৰ' বাহনখনৰ ছীটৰ পাচফালে কৌশলেৰে ভৰাই আনিছিল কেবাটাও ৫০০ টকীয়া জালনোটৰ বাণ্ডিল । লখিমপুৰৰ পৰা কেইজনমান যুৱকে লৈ আহিছিল উক্ত বাহনখন । বাহনখনত আছিল এখন নকল সোণৰ নাও । জব্দ কৰা নাওখনৰ ওজন প্ৰায় ১ কেজি ৭৫০ গ্ৰাম । ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.