thumbnail

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 7:00 AM IST

ETV Bharat / Videos

ছেকেণ্ড হেণ্ড দুচকীয়া বাহন ক্ৰয় কৰাৰ পূৰ্বে সাৱধান, আপুনিও বলি হ'ব পাৰে প্ৰৱঞ্চনাৰ - Bank Forgery in Tinsukia

তিনিচুকীয়া, 30 জুন : আপুনিও ছেকেণ্ড হেণ্ড দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে নেকি, যদি বিচাৰিছে তেন্তে সাৱধান ! কিয়নো তিনিচুকীয়াত এটা চক্ৰই এতিয়া জালিয়াতিৰে বেংকৰ ঋণ লৈ সঘনাই দুচকীয়া বাহন আন গ্ৰাহকক বিক্ৰী কৰি অহাৰ দৰে ঘটনা পোহৰলৈ আহিছে । এইদৰে বাহন ক্ৰয় কৰা দুজন অভিযুক্তক দেওবাৰে বেংকৰ কৰ্মচাৰীয়ে কৰায়ত্ত কৰি গতাই দিয়ে তিনিচুকীয়াৰ আৰক্ষীক ।

ঘটনা সন্দৰ্ভত অভিযোগ তুলিছে তিনিচুকীয়াৰ মাকুমস্থিত চাই ম’টৰ্চ নামৰ দুচকীয়া বাহনৰ ডীলাৰত কৰ্মৰত বেংকৰ কৰ্মচাৰীয়ে । অভিযোগ অনুসৰি, মাকুম টেঙাপানী চাহ বাগিচাৰ বিবেক গড় নামৰ যুৱক এজনে প্ৰায় 25 দিন পূৰ্বে ঋণযোগে এখন দুচকীয়া বাহন ক্ৰয় কৰিছিল ৷ দেওবাৰে পুনৰ এইছ ডি বি বিত্তীয় প্ৰতিষ্ঠানটোৰ পৰা ঋণৰ সহায়ত আন এখন দুচকীয়া বাহন ক্ৰয় কৰিবলৈ অহা দেখি বেংকৰ কৰ্মচাৰীৰ মনত সন্দেহ ওপজে আৰু বিবেক গড়ক সোধ-পোছ কৰে ৷ 

সকলো তথ্য পোহৰলৈ অহাৰ পাচত বিত্তীয় প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলে বিবেক গড় আৰু একেখন ঠাইৰে প্ৰীতম কুমাৰক কৰায়ত্ত কৰি তিনিচুকীয়া আৰক্ষীক গতাই দিয়ে । 

লগতে পঢ়ক: আৰক্ষী বিষয়াৰ ভুৱা চহীৰে বেংকৰ পৰা সৰকালে টকা: গ্ৰেপ্তাৰ 5 - Bank Forgery in Tinsukia

লাট মণ্ডলৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ, নামজাৰিৰ নামত জালিয়াতিৰ অভিযোগ - Allegation of Irregularities

নিজৰ গোপন অধ্যায় লুকুৱাই ৰাখি এ চি এছ হ’ল ৩৪ লাখ টকীয়া বেংক জালিয়াতিৰ অভিযুক্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.