মৰ্মান্তিক: খেলি থাকোতেই সলিল সমাধি দুটি শিশুৰ - Minor Death By Drowning

By ETV Bharat Assamese Team

Published : Aug 18, 2024, 11:24 AM IST

thumbnail
কাছাৰৰ পাতিমাৰাত পুখুৰীত পৰি মৃত্যু দুই নাবালক (ETV Bharat)

শিলচৰ, 18 আগষ্ট : শনিবাৰে কাছাৰৰ উধাৰবন্ধ পাতিমাৰাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । খেলি থকা অৱস্থাতে পুখুৰীত পৰি সললি সমাধি ঘটে দুটি কণমানিৰ । নিহত দুই কণমানিৰ নাম অংকিত দাস (5) আৰু সমৰজিৎ দাস (6)।

বিৱৰণি অনুসৰি, ঘৰৰ কাষতে খেলি থাকোতে হঠাৎ দুই কণমানি নিখোঁজ হৈ পৰে । পৰিয়ালৰ লোকে বহু সময় বিচাৰ-সোচাৰ কৰাৰ অন্তত এটা পুখুৰীৰ পৰা দুই কণমানিক উদ্ধাৰ কৰে । তাৰ পাচতে ততাতৈয়াকৈ শিশু দুটিক হাস্পতালত লৈ যোৱা হয় ৷ কিন্তু চিকিৎসকে পৰীক্ষা কৰাৰ অন্তত শিশু দুটিক মৃত বুলি ঘোষণা কৰে । শিশু দুটিৰ মৃত্যুক লৈ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ।

ইপিনে মৃত শিশু সমৰজিত দাসৰ পিতৃ সন্দিপ দাস বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা সোনাইৰ প্ৰাক্তন বিধায়ক আমিনুল হকৰ ব্যক্তিগত বাহনৰ চালক বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকে - Death By Drowning

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.