বিদ্যুৎস্পৃষ্টক বচবালৈ গৈ বিদ্যুৎস্পৃষ্ট হ’ল সেনা জোৱান: বিভাগৰ কাৰ্যালয়ত আক্ৰমণ - Electrocution in Nalbari

By ETV Bharat Assamese Team

Published : May 28, 2024, 11:04 PM IST

thumbnail
নলবাৰীত বিদ্যুৎস্পৃষ্ট হৈ আহত তিনিগৰাকী (ETV Bharat Assam)

নলবাৰী, ২৮ মে’ : ধুমুহা-বৰষুণৰ মাজতে মঙলবাৰে নলবাৰীৰ সুৰাদিত সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ সীমা সুৰক্ষা বলৰ কেম্পৰ পিচফালৰ মাটিত পৰি থকা ১১ হাজাৰ ভ’ল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি ধৰে পশুধন ।

পশুধনটো বচাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয় ডিপ্তা সুৰাদিৰ মহিদুল আলী নামৰ অষ্টম শ্ৰেণীৰ এজন ছাত্ৰ ৷ আনহাতে বিদ্যুৎস্পৃষ্ট ছাত্ৰজনক বচাবলৈ গৈ আহত হয় এজন এছ এছ বিৰ জোৱানো ৷

এই ঘটনাৰ পিচত বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ অভিযোগত উত্তেজিত একাংশ লোকে বৰজাৰস্থিত বৰমা বিদ্যুৎ উপসংমণ্ডল বিভাগৰ নিয়ন্ত্ৰণকক্ষত আক্ৰমন চলায় ৷ উত্তেজিত লোকসকলে নিয়ন্ত্ৰণকক্ষৰ দুৱাৰ-খিৰিকী, আচবাব আদি ভাঙি লণ্ডভণ্ড কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত নলবাৰী আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

লগতে পঢ়ক: বিধায়ক অখিল গগৈৰ চকুৰ আগতে চেপেটা হ’ল দুখনকৈ গাড়ী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.