চৰাইদেউৰ নামতোলাত দুটা প্ৰকাণ্ড হাতীদাঁত জব্দ : আটক এজন - Ivory seized in Charaideo

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 10:18 PM IST

thumbnail
চৰাইদেউৰ নামতোলাত দুটা প্ৰকাণ্ড হাতীদাঁত জব্দ (ETV Bharat Assam)

ডিব্ৰুগড়, 19 জুন : চৰাইদেউ জিলাৰ সোণাৰি এতিয়া অপৰাধীৰ ঘাটিলৈ পৰিগণিত হৈছে ৷ সোণাৰিত দিনক দিনে বৃদ্ধি পাইছে চুৰিকাৰ্য, ডকাইতি, ড্ৰাগছ আৰু নিষিদ্ধ সমগ্ৰী সৰবৰাহৰ ঘটনা । চৰাইদেউৰ সোণাৰিত অসম-নাগালেণ্ডৰ সীমান্ত অঞ্চলসমূহত এইধৰণৰ ঘটনাসমূহ বেছি হোৱা দেখিবলৈ পোৱা গৈছে ।

ইয়াৰ মাজতে আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ পিচতো সোণাৰি নগৰত নিতৌ সংঘটিত হৈছে চুৰি আৰু দিন ডকাইতিৰ ঘটনা । ইয়াৰ মাজতে বুধবাৰে চৰাইদেউৰ নামতোলাত দুটা বৃহৎ হাতীৰ দাঁত উদ্ধাৰ কৰে বন বিভাগ আৰু আৰক্ষীয়ে । বিশেষ খবৰৰ ভিত্তিত বন বিভাগে অভিযান চলাই এই সফলতা লাভ কৰিবলৈ সক্ষম হয় ।

নাগালেণ্ডৰ জবকা বস্তিৰ মানখাউ কন্যাক(৩০)নামৰ যুৱকজনে হাতীৰ দাঁত দুটা চৰাইদেউৰ নামতোলাত এক বিশেষ চক্ৰক বিক্ৰী কৰিবলৈ যো-জা কৰোতেই নামতোলা খণ্ড বন বিষয়া বিজয় গোহাঁইৰ নেতৃত্বত বনকৰ্মীয়ে দাঁত দুটাসহ নগা যুৱকজনক আটক কৰিবলৈ সক্ষম হয় ।

বৰ্তমান নগা যুৱকজনক চৰাইদেউ নাফুকস্থিত সোণাৰি আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰখা হৈছে । ক’ৰ পৰা এই হাতীৰ দাঁত দুটা অনা হৈছে, ইয়াৰ মূল্য কিমান, সেইসমূহ তথ্য তদন্ত চলোৱাৰ পিচতহে পোহৰলৈ আহিব বুলি কয় জিলা বন বিষয়াই ।

লগতে পঢ়ক: সোণাৰিত নিচামুক্তি কেন্দ্ৰত যুৱকৰ মৃত্যুক লৈ চাঞ্চল্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.