বিদ্যালয়লৈ যোৱাৰ পথত ছাত্ৰী অপহৰণৰ অপচেষ্টা, গ্ৰেপ্তাৰ দুই অভিযুক্ত - Attempt to kidnap

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 6:09 PM IST

thumbnail
ছাত্ৰী অপহৰণৰ অপচেষ্টা (Etv Bharat Assam)

কলিয়াবৰ,৩০ আগষ্ট: ধিং ধৰ্ষণকাণ্ডক লৈ ৰাজ্য়জুৰি প্ৰতিবাদ অব্য়াহত থকাৰ মাজতেই কলিয়াবৰত পোহৰলৈ আহিছে ছাত্ৰী অপহৰণৰ অপচেষ্টাৰ ঘটনা । উত্থাপিত অভিযোগ মতে, বৃহস্পতিবাৰে তিনিজনীয়া এটা যুৱকৰ দলে বিদ্যালয়লৈ আহি থকাৰ সময়তে ই-ৰিক্সাত উঠাই নিব বিচাৰিছিল ১৩ বছৰীয়া এগৰাকী ছাত্ৰীক । অৱশ্য়ে অপহৰণ কৰিবলৈ অহা যুৱকৰ হাতত কামুৰি পলাই সাৰে ছাত্ৰীগৰাকী । স্থানীয় ৰাইজৰ ভাষ্য় অনুসৰি, ছাত্ৰীগৰাকীয়ে কোনোমতে যুৱকৰ দলটোৰ কৱলৰ পৰা পলাই বিদ্য়ালয়ত উপস্থিত হৈ ঘটনাৰ বিষয়ে বিদ্য়ালয়ৰ শিক্ষকক অৱগত কৰে ।

এই কাৰ্যত সফল নোহোৱাত ছাত্ৰীগৰাকীৰ অভিভাৱকক ফোনযোগে যুৱকৰ দলটোৱে পুনৰ অপহৰণ কৰাৰ ভাবুকি দিয়াৰো অভিযোগ উত্থাপিত হৈছে । এই ঘটনা সন্দৰ্ভত কলিয়াবৰ থানাত এজাহাৰ দাখিল কৰিছে ছাত্ৰীগৰাকীৰ পিতৃয়ে । ইতিমধ্যে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে কলিয়াবৰ থানাৰ আৰক্ষীয়ে । অভিযুক্ত অপ্ৰজিৎ মণ্ডল আৰু বিপন অধিকাৰীক বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ কৰে যদিও এজন অভিযুক্ত বৰ্তমানো পলাতক । ইপিনে, এই ঘটনা সন্দৰ্ভত উচিত তদন্ত আৰু ন্যায় বিচাৰি থানাত উপস্থিত হয় একাংশ মহিলা । মহিলাসকলে ছাত্ৰীসকলৰ সুৰক্ষাৰ বাবে আৰক্ষী প্ৰশাসনক ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক:অপহৰণ কৰাৰ কথা অস্বীকাৰ যুৱতীৰ

নিশাৰ মহানগৰীত যুৱতীক অপহৰণৰ অপচেষ্টা; বাহনসহ অভিযুক্ত পলাতক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.