চলন্ত বাহনৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ - Heavy rain in Assam

By ETV Bharat Assamese Team

Published : May 31, 2024, 8:47 PM IST

thumbnail
চলন্ত বাহনৰ ওপৰত পৰিল গছ (ETV BHARAT ASSAM)

ৰঙাপৰা,৩১ মে': শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ সোণাবিল গাঁৱৰ পথত বৃহস্পতিবাৰে নিশা এখন চলন্ত বাহনৰ ওপৰত এডাল প্রকাণ্ড গছ বাগৰি পৰে । ৰেমলৰ প্ৰভাৱত ৰাজ্য়ৰ হৈ থকা ধুমুহা আৰু মুষলধাৰ বৰষুণৰ মাজতেই এই ঘটনাটো সংঘটিত হয় । অৱশ্য়ে বাহনখনত থকা পাঁচজনকৈ যুৱকৰ কথমপি প্ৰাণ ৰক্ষা পৰে ।  

ঘটনাৰ বিৱৰণি অনুসৰি নিশা প্ৰায় ১২ বজাত ৰমজান হুছেইন, নাছিৰ হুছেইন, চামিন মনছুৰ, ৰাজা তালুকদাৰ আৰু জেহেল ইছলাম নামৰ পাঁচজন যুৱকে এ এছ 22 এফ ৩১৭১ নম্বৰৰ বাহনখনেৰে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা ৰঙাপৰাৰ দিশে আহি আছিল । তেনে সময়তে ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত সোনাবিল গাঁৱৰ পথৰ দাঁতিত থকা এডাল প্রকাণ্ড গছ চলন্ত বাহনখনৰ ওপৰতে বাগৰি পৰে ।  

বাহনৰ ওপৰত গছডাল বাগৰি পৰাত কোনো লোক আহত হোৱা নাই যদিও বাহনখনৰ ক্ষতিসাধন হয় । ইফালে,গছডাল বাগৰি পৰাত বিদ্যুৎপৰিবাহী তাঁৰবোৰ ছিঙি পৰে । ফলত নিশাৰে পৰা বৃহত্তৰ অঞ্চলটোত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে। পাচত এখন এক্সকেভেটৰেৰে বাহনখনৰ ওপৰত পৰি থকা গছডাল আঁতৰাই পথছোৱা মুকলি কৰা হয় ।

লগতে পঢ়ক:ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বৰাকে, বন্যাৰ্তৰ হাহাকাৰ - Flood Situation Of Barak

বৃদ্ধি পাইছে কপিলী নৈৰ জলস্তৰ; আতংকিত নৈপৰীয়া - Assam Flood 2024

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.